শীঘ্ৰেই আৰম্ভ হব শৰাইঘাটৰ দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্য
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত ঐতিহাসিক শৰাইঘাট দলঙৰ সমান্তৰালকৈ আন এখন ৰে’ল (ডাবল ডেকাৰ) দলং নিৰ্মাণ কৰিবলৈ লোৱা হৈছে । এই অভিলাষী প্ৰকল্পটো উত্তৰ-পূব সীমান্ত ৰে’লৱে (এন এফ আৰ)ৰ অধীনত অনুমোদন লাভ কৰিছে । গুৱাহাটী অঞ্চলৰ সংযোগ বৃদ্ধিৰ বাবে এই নতুন ৰে’ল তথা পথ দলং নিৰ্মাণৰ সিদ্ধান্ত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে । এই প্ৰকল্পটো আগথোৰীৰ পৰা কামাখ্যালৈ ৰে’লপথ সম্প্ৰসাৰণ আঁচনিৰ অংশ, যাৰ আনুমানিক ব্যয় হৈছে ১,৪৭৩.৭৭ কোটি টকা ।
২০২৯ চনৰ ডিচেম্বৰৰ ভিতৰত এই দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে । এই দলঙখনৰ দৈৰ্ঘ্য মুঠ ৭.০৬২ কিলোমিটাৰ হ’ব । ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ষ্টীল কম্পোজিট গাৰ্ডাৰ দলং নিৰ্মাণ কৰা হ’ব । ইয়াৰ ডাবল ডেকাৰ ডিজাইন বিশেষ হ’ব, তলৰ মহলাত ডাবল ৰে’লৱে লাইন আৰু ওপৰৰ মহলাত ফুটপাথৰ সৈতে তিনি লেনযুক্ত পথ থাকিব ।
এন এফ আৰৰ মুখ্য জনসংযোগ বিষয়াই কয় যে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ৰে’লৱে ব’ৰ্ডে বিশদ অনুমানত অনুমোদন জনোৱাৰ বিপৰীতে ২০২৫ চনৰ মাৰ্চ মাহত ডিজাইন ড্ৰয়িং আৰু ৰিপ’ৰ্টক চূড়ান্ত অনুমোদন দিয়া হৈছিল । এই সময়ছোৱাত উপ-গাঁথনি আৰু অতি-গাঁথনি ডিজাইনৰ বাবে প্ৰয়োজনীয় ভূ-কাৰিকৰী অনুসন্ধানো সম্পূৰ্ণ হৈছে । প্ৰকল্পটো নিৰ্মাণৰ বাবে ইপিচি মোড (ইঞ্জিনিয়াৰিং, ক্ৰয় আৰু নিৰ্মাণ)ত নিবিদা জাৰি কৰা হৈছে । নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব ।
এই দলংখন ৭.০৬২ কিলোমিটাৰ দৈৰ্ঘ্য হ’ব । ব্ৰহ্মপুত্ৰ নদীত শৰাইঘাটত ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ষ্টীল কম্পোজিট গাৰ্ডাৰ দলং নিৰ্মাণ কৰা হ’ব । ইয়াৰ ডাবল ডেকাৰ ডিজাইন বিশেষ হ’ব, তলৰ মহলাত ডাবল ৰেলৱে লাইন আৰু ওপৰৰ মহলাত ফুটপাথৰ সৈতে তিনি লেনযুক্ত পথ । উত্তৰ ফালৰ পৰা (আগাথোৰি) ২.৬৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এপ্ৰ’চ ৰোড হ’ব । দক্ষিণ দিশৰ পৰা (কামাখ্যা) ৩.০৭ কিলোমিটাৰ এপ্ৰ’চ নিৰ্মাণ কৰা হ’ব ।
লগতে পঢ়ক : আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে… মমতা বেনাৰ্জীৰ অভিযোগৰ প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ