শীঘ্ৰেই আৰম্ভ হ’ব শৰাইঘাটৰ দ্বিতীয়খন ৰে’ল দলঙৰ নিৰ্মাণ কাৰ্য; ব্যয় হ’ব ১৪৭৩ কোটি টকা
শীঘ্ৰেই আৰম্ভ হব শৰাইঘাটৰ দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্য
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত ঐতিহাসিক শৰাইঘাট দলঙৰ সমান্তৰালকৈ আন এখন ৰে’ল (ডাবল ডেকাৰ) দলং নিৰ্মাণ কৰিবলৈ লোৱা হৈছে । এই অভিলাষী প্ৰকল্পটো উত্তৰ-পূব সীমান্ত ৰে’লৱে (এন এফ আৰ)ৰ অধীনত অনুমোদন লাভ কৰিছে । গুৱাহাটী অঞ্চলৰ সংযোগ বৃদ্ধিৰ বাবে এই নতুন ৰে’ল তথা পথ দলং নিৰ্মাণৰ সিদ্ধান্ত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে । এই প্ৰকল্পটো আগথোৰীৰ পৰা কামাখ্যালৈ ৰে’লপথ সম্প্ৰসাৰণ আঁচনিৰ অংশ, যাৰ আনুমানিক ব্যয় হৈছে ১,৪৭৩.৭৭ কোটি টকা ।
২০২৯ চনৰ ডিচেম্বৰৰ ভিতৰত এই দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে । এই দলঙখনৰ দৈৰ্ঘ্য মুঠ ৭.০৬২ কিলোমিটাৰ হ’ব । ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ষ্টীল কম্পোজিট গাৰ্ডাৰ দলং নিৰ্মাণ কৰা হ’ব । ইয়াৰ ডাবল ডেকাৰ ডিজাইন বিশেষ হ’ব, তলৰ মহলাত ডাবল ৰে’লৱে লাইন আৰু ওপৰৰ মহলাত ফুটপাথৰ সৈতে তিনি লেনযুক্ত পথ থাকিব ।
এন এফ আৰৰ মুখ্য জনসংযোগ বিষয়াই কয় যে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ৰে’লৱে ব’ৰ্ডে বিশদ অনুমানত অনুমোদন জনোৱাৰ বিপৰীতে ২০২৫ চনৰ মাৰ্চ মাহত ডিজাইন ড্ৰয়িং আৰু ৰিপ’ৰ্টক চূড়ান্ত অনুমোদন দিয়া হৈছিল । এই সময়ছোৱাত উপ-গাঁথনি আৰু অতি-গাঁথনি ডিজাইনৰ বাবে প্ৰয়োজনীয় ভূ-কাৰিকৰী অনুসন্ধানো সম্পূৰ্ণ হৈছে । প্ৰকল্পটো নিৰ্মাণৰ বাবে ইপিচি মোড (ইঞ্জিনিয়াৰিং, ক্ৰয় আৰু নিৰ্মাণ)ত নিবিদা জাৰি কৰা হৈছে । নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব ।
এই দলংখন ৭.০৬২ কিলোমিটাৰ দৈৰ্ঘ্য হ’ব । ব্ৰহ্মপুত্ৰ নদীত শৰাইঘাটত ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ষ্টীল কম্পোজিট গাৰ্ডাৰ দলং নিৰ্মাণ কৰা হ’ব । ইয়াৰ ডাবল ডেকাৰ ডিজাইন বিশেষ হ’ব, তলৰ মহলাত ডাবল ৰেলৱে লাইন আৰু ওপৰৰ মহলাত ফুটপাথৰ সৈতে তিনি লেনযুক্ত পথ । উত্তৰ ফালৰ পৰা (আগাথোৰি) ২.৬৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এপ্ৰ’চ ৰোড হ’ব । দক্ষিণ দিশৰ পৰা (কামাখ্যা) ৩.০৭ কিলোমিটাৰ এপ্ৰ’চ নিৰ্মাণ কৰা হ’ব ।
লগতে পঢ়ক : আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে… মমতা বেনাৰ্জীৰ অভিযোগৰ প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ