কালমা

বিদ্যালয়ত প্ৰাৰ্থনাক লৈ বিতৰ্ক; হিন্দু ছাত্ৰক কালমা পঢ়িবলৈ দিয়াৰ অভিযোগ

হিন্দু ছাত্ৰক কালমা পঢ়িবলৈ দিয়াৰ অভিযোগ কোটাৰ এখন বিদ্যালয়ত এজন হিন্দু ছাত্ৰক কালমা পঢ়িবলৈ দিয়া এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ’টো কোটাৰ বৰখেডাৰ বাক্ষী স্প্ৰিংডেল বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি বিদ্যালয়খনৰ এজন হিন্দু ছাত্ৰক কালমা

হিন্দু ছাত্ৰক কালমা পঢ়িবলৈ দিয়াৰ অভিযোগ

কোটাৰ এখন বিদ্যালয়ত এজন হিন্দু ছাত্ৰক কালমা পঢ়িবলৈ দিয়া এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ’টো কোটাৰ বৰখেডাৰ বাক্ষী স্প্ৰিংডেল বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি বিদ্যালয়খনৰ এজন হিন্দু ছাত্ৰক কালমা পঢ়িবলৈ দিয়া ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে বিতৰ্কটো বিয়পি পৰিছে। এতিয়া হিন্দু সংগঠনসমূহে বিদ্যালয় পৰিচালনাৰ বিৰুদ্ধে ফ্ৰণ্ট মুকলি কৰি ডাঙৰ আন্দোলনৰ হুংকাৰ দিছে।

ভিডিঅ’টো  ভাইৰেল হোৱাৰ পিছত পোহৰলৈ আহে যে প্ৰাৰ্থনা সভাৰ সময়ত সকলো ছাত্ৰ-ছাত্ৰীয়ে কলমা পঢ়ি আছে।

বিতৰ্ক বাঢ়ি অহাৰ লগে লগে বিদ্যালয় পৰিচালনা সমিতিয়ে দাবী কৰে যে এই ভিডিঅ’টো কেইবাবছৰ পুৰণি।লগতে এই ভিডিঅ’টো বাৰ্ষিক অনুষ্ঠানৰ সময়ত ৰেকৰ্ড কৰা বুলিও পৰিচালনা সমিতিয়ে জনাইছে।ভিডিঅ’ প্ৰকাশ পোৱাৰ পিছতে শিক্ষা বিভাগো সক্ৰিয় হৈ পৰিছে।

এতিয়া বিভাগটোৱে গঠন কৰা তদন্তকাৰী দলটোৱে বিদ্যালয়খন পৰিদৰ্শন কৰে, আৰু তেওঁলোকে কয় যে, আমি প্ৰাৰ্থনা আদিৰ ৰেকৰ্ডিং পৰীক্ষা কৰিছো আৰু লগতে ছাত্ৰ-ছাত্ৰীৰ লগত কথা পাতিছো।

ইফালে বিদ্যালয়েখনৰ পৰিচালক গৰাকীয়ে কয় যে বিদ্যালয়ৰ প্ৰাৰ্থনাত সকলো ধৰ্মৰ প্ৰাৰ্থনা কৰা হৈছিল যাতে পৰিৱেশটো স্বাভাৱিক হৈ থাকিব পাৰে।

বিগত ৩০ বছৰ ধৰি বিদ্যালয়খনত ‘সৰ্ব ধৰ্ম প্ৰাৰ্থনা’ৰ আয়োজন কৰা হৈছে ।তেওঁ কয়, ‘শিক্ষাৰ কোনো ধৰ্ম নাই আৰু সকলো ধৰ্মক সন্মান জনাই আমি সৰ্ব ধৰ্মৰ প্ৰাৰ্থনা কৰোঁ।’

ইফালে হিন্দু সংগঠন সমূহে আপত্তি দৰ্শাই কৈছে যে শিক্ষাৰ্থীৰ ওপৰত ধৰ্মীয় মতামত জাপি দিয়াটো ভুল আৰু যদি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে ইয়াৰ বাবে ডাঙৰ আন্দোলন আৰম্ভ হ’ব।

লগতে পঢ়ক: আপুনিও চাৰ্টাৰ্ড একাউন্টেন্ট হ’ব বিচাৰে নেকি ? জানক পাঠ্যক্ৰম, প্ৰশিক্ষণ আৰু কেৰিয়াৰৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য

শেহতীয়া প্ৰৱন্ধসমূহ