আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ শুভাংশু শুক্লাৰ
ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত ভৰি দি এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে । তেওঁ কেৱল ভাৰতৰ দ্বিতীয়গৰাকী মহাকাশচাৰী হোৱাই নহয়, মহাকাশ কেন্দ্ৰত উপস্থিত হোৱা প্ৰথমজন ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰিছে । আন তিনিজন মহাকাশচাৰী আৰু তাত থকা স্থায়ী দলৰ সৈতে তেওঁ এই ঐতিহাসিক অভিযানত জড়িত হৈ আছে ।
এই গৌৰৱময় মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা শুভাংশু শুক্লাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিশেষ বাৰ্তালাপ কৰে । এই সময়ছোৱাত দুয়োজনে বহু বিষয়ত কথা পাতে । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশুক প্ৰশ্ন কৰে যে মহাকাশৰ বিশালতা দেখাৰ পিছত তেওঁৰ মনলৈ প্ৰথম কি চিন্তা আহিল ? ইয়াৰ উত্তৰত ভাৰতীয় মহাকাশচাৰীজনে কয় যে আমি যেতিয়া প্ৰথমবাৰৰ বাবে কক্ষপথত উপনীত হওঁ, তেতিয়া প্ৰথম দৃশ্য আছিল পৃথিৱীৰ । এই সময়ছোৱাত তেওঁৰ মনলৈ প্ৰথম চিন্তা আহে যে সমগ্ৰ পৃথিৱীখনক একে যেন লাগে । কোনো সীমান্ত দেখা নাযায় ।
তেওঁ কয় যে দ্বিতীয় কথাটো লক্ষ্য কৰা হ’ল যে মহাকাশৰ পৰা ভাৰতক দেখি আমি উপলব্ধি কৰিলোঁ যে মানচিত্ৰত আমাৰ দেশৰ যি দেখিবলৈ পাওঁ সেয়া ইমান নহয় । কিন্তু ভাৰত সঁচাকৈয়ে দেখাত বহুত ভব্য আৰু ডাঙৰ । মানচিত্ৰত দেখাতকৈ বহু বেছি । ইয়াৰ পৰা আমি অনুভৱ কৰোঁ যে কোনো সীমা নাই, কোনো দেশ নাই । আমি সকলোৱে মানৱতাৰ অংশ, পৃথিৱী আমাৰ ঘৰ আৰু আমি সকলোৱে ইয়াৰ অংশ ।
‘শুভাংশুৱে প্ৰধানমন্ত্ৰী মোদীক কয় যে- আপোনাৰ লগত কথা পাতি থাকোঁতে মই ভৰি বান্ধি লৈছো কাৰণ ইয়াত মাধ্যাকৰ্ষণ শক্তি শূন্য, যদি মই এই কাম নকৰো তেন্তে মই উৰিবলৈ আৰম্ভ কৰিম । ইয়াত শুৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান । ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে সোধে মেডিটেছনৰ লাভ পোৱা যায় নে ? এই সন্দৰ্ভত শুভাংশুৱে কয় যে ইয়াত মাইণ্ডফুলনেছে ডাঙৰ প্ৰভাৱ পেলায় কাৰণ উতক্ষেপণৰ সময়ত পৰিস্থিতি বহুত বেলেগ, কিন্তু যেতিয়া আপুনি আপোনাৰ মনটোক শান্ত কৰি ৰাখে তেতিয়া আপুনি উন্নত সিদ্ধান্ত ল’ব পাৰে । এনে প্ৰত্যাহ্বানৰ সময়ত এই সকলোবোৰ অতি উপকাৰী ।
শুভাংশ শুক্লাই কয় যে এই যাত্ৰা আচৰিত আছিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত মই অনুভৱ কৰোঁ যে এইটো মোৰ দেশৰ বাবে এক ডাঙৰ কৃতিত্ব, মই দেশৰ শিশুসকলক ক’ম যে তেওঁলোকে নিজৰ ভৱিষ্যত উন্নত কৰক । কাৰণ ইয়াৰ দ্বাৰা শিশুসকলৰ ভৱিষ্যত উজ্জ্বল হোৱাই নহয় দেশৰ ভৱিষ্যতো উজ্জ্বল হৈ উঠিব । এটা কথা সদায় মনত ৰাখিব যে ‘আকাশৰ কোনো সীমা নাই’ । আপুনি মোৰ পিছফালে দেখা ত্ৰিৰংগা আগতে নাছিল, মই ইয়াত কালিহে ৰাখিছো, ইয়ে মোক বহুত আৱেগিক কৰি তোলে ।
লগতে পঢ়ক : মহাকাশত ৰচিলে ইতিহাস; ২৮ ঘণ্টীয়া যাত্ৰা সম্পূৰ্ণ কৰি ISS ত উপস্থিত শুভাংশু শুক্লা