শুভাংশু শুক্লা

কান্ধত ত্ৰিৰংগা, মুখত শ্বাহৰুখ খানৰ গান; বলীউডৰ গীত শুনি মহাকাশলৈ শুভাংশু শুক্লা

বলীউডৰ গীত শুনি মহাকাশলৈ শুভাংশু শুক্লা ৪১ বছৰৰ পিছতে ভাৰতে মহাকাশত ইতিহাস ৰচিবলৈ আগবাঢ়িছে। ভাৰতৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ ৰাওনা হৈছে। Axiom-4 অভিযানত শুভাংশু শুল্কাই আন ৩ জন মহাকাশচাৰীৰ সৈতে কেনেডি স্পেচ চেণ্টাৰৰ কমপ্লেক্স ৩৯এৰ পৰা দুপৰীয়া ১২.০১ বজাত উৰা মাৰিছে। শুভাংশু

বলীউডৰ গীত শুনি মহাকাশলৈ শুভাংশু শুক্লা

৪১ বছৰৰ পিছতে ভাৰতে মহাকাশত ইতিহাস ৰচিবলৈ আগবাঢ়িছে। ভাৰতৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ ৰাওনা হৈছে।

Axiom-4 অভিযানত শুভাংশু শুল্কাই আন ৩ জন মহাকাশচাৰীৰ সৈতে কেনেডি স্পেচ চেণ্টাৰৰ কমপ্লেক্স ৩৯এৰ পৰা দুপৰীয়া ১২.০১ বজাত উৰা মাৰিছে।

শুভাংশু শুক্লাক লৈ সমগ্ৰ দেশে গৌৰৱ কৰিছে।প্ৰতিজন ভাৰতীয়ৰ মাজত উদযাপন আৰু উৎসাহৰ পৰিৱেশ দেখা গৈছে।

মহাকাশলৈ যোৱাৰ সময়ত শুভাংশুৱে শ্বাহৰুখ খানৰ এখন ছবিৰ এটা গীতৰ পৰাই প্ৰেৰণা লৈছিল।কিং খানৰ স্বদেশ চিনেমাৰ ‘য়ুন হি চলা চলি ৰাহী’ গীতটো শুনি মহাকাশলৈ গৈ আছে তেওঁ।এই তথ্য শুভাংশুৰ Axiom-4 প্লেলিষ্টৰ পৰা লাভ কৰা হৈছে।

শুভাংশুৰ এই মহাকাশ যাত্ৰা ২৮ ঘণ্টীয়া হ’ব।বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত তেওঁৰ মহাকাশ যানখন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ডক হোৱাৰ সম্ভাৱনা আছে।

জনাব যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত শুভাংশুক ষ্টেচন ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় বুলি কোৱা হ’ব।ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা তেওঁ হ’ব দ্বিতীয়জন ভাৰতীয়।

মহাকাশযানখনৰ পৰা শুভাংশুৰ প্ৰথমটো বাৰ্তা পোহৰলৈ আহিছে।তেওঁ দেশবাসীক কৈছে যে ৪১ বছৰৰ পিছত মহাকাশত ভাৰতে পুনৰ ত্ৰিৰংগা উৰুৱাব। তেওঁ ইয়াক অতি ভাললগা যাত্ৰা বুলি কৈছে।

শুভাংশুৱে কয় যে তেওঁৰ কান্ধত ভাৰতৰ পতাকা আছে।যিয়ে তেওঁক প্ৰতিটো মুহূৰ্ততে উপলব্ধি কৰাব যে তেওঁ এই অভিযানত অকলশৰীয়া নহয়।

বৰং সকলো ভাৰতীয়ই তেওঁৰ লগত আছে।তেওঁ ইয়াক ভাৰতৰ মানৱ মহাকাশ কাৰ্যসূচীৰ আৰম্ভণি বুলি অভিহিত কৰিছে।এই যাত্ৰাৰ অংশ হ’বলৈ দেশৰ প্ৰতিজন নাগৰিকক শুভাংশুৱে অনুৰোধ জনাইছে।

লগতে পঢ়ক: মহাকাশলৈ শুভাংশুৰ শুভ যাত্ৰা; আৰম্ভ হ’ল ভাৰতৰ মহাকাশ অভিযানৰ এক নতুন অধ্যায়

শেহতীয়া প্ৰৱন্ধসমূহ