আন্তৰ্জাতিক যোগ দিৱসত মুখ্যমন্ত্ৰী
আজি ১১তম আন্তৰ্জাতিক যোগ দিৱস।বাক্সাৰ শালবাৰীত আন্তৰ্জাতিক যোগ দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
এই যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ সৈতে সংগ দিয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি বিটিআৰৰ কেবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদ আদিয়ে। যোগা দিৱসৰ কাৰ্যসূচীত প্ৰায় ২ সহস্ৰাধিক ৰাইজে অংশগ্রহণ কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আধ্যাত্মিক ভাৱে যোগে মন প্ৰাণ প্ৰশান্ত কৰি মানুহক কৰ্মদিপ্ত জীৱন প্ৰদান কৰে।যোগাভ্যাসে বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিৰ চিন্তা আৰু কৰ্মক প্ৰভাৱিত কৰি এখন শক্তিশালী বিশ্ব গঢ় দিয়াত সামগ্ৰীক ভাৱে অনুপ্ৰাণিত কৰি আহিছে।
যোগে সুস্থ জীৱন-যাপনত দিশত মানৱ জাতিক আগুৱাই নিয়াত য়োগে যি অপৰিসীম অৱদান আগবঢ়াইছে তাৰ ফলতে যোগাভ্যাসে বিশ্বজুৰি বিশেষ সমাদৰ লাভ কৰিছে। আধুনিক জীৱন শৈলীটো যোগ অবিচ্ছেদ্য অংগ হৈ পৰিছে।
যোগ বিদ্যা ভাৰতৰ এক গৌৰৱময় সাক্ষী।সেয়ে আমি সকলোৱে সদায় কিছু সময় হ’লেও যোগ কৰাৰ অভ্যাস কৰিব লাগে।
লগতে পঢ়ক: ‘যোগে সমগ্ৰ বিশ্বক সংযোগ কৰিছে’, ডিঙিত গামোছা লৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰী মোদী