কিয় পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ?
বৰ্তমানৰ ব্যস্ত তথা আধুনিক পৃথিৱীত ক্ৰমে বৃদ্ধি পাইছে যোগৰ গুৰুত্ব । আধুনিক জীৱনশৈলীৰে পৰিৱেষ্টিত সদাব্যস্ত পৃথিৱীত শাৰিৰীক লগতে মানসিক স্বাস্থ্যৰ উৎকৰ্ষৰ বাবে প্ৰায় সকলো লোকেই লোকেই যোগক আদৰি লৈছে । যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়, ই মানসিক, আধ্যাত্মিক আৰু আৱেগিক ভাৰসাম্যও ৰক্ষা কৰে । যোগৰ উৎপত্তি ভাৰতত হৈছিল, যিটো আজি সমগ্ৰ বিশ্বই গ্ৰহণ কৰিছে । এই মহান ঐতিহ্যক বিশ্ব পৰ্যায়ত স্বীকৃতি দিয়াৰ লক্ষ্যৰে প্ৰতি বছৰে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ।
২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত দিয়া ভাষণত আন্তৰ্জাতিক যোগ দিৱস পালনৰ প্ৰস্তাৱ দিছিল । তেওঁৰ এই প্ৰস্তাৱে ১৭৭খন দেশৰ সমৰ্থন লাভ কৰে । ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে । ইয়াৰ পিছত ২০১৫ চনৰ ২১ জুনত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় । কিন্তু ইয়াৰ বাবে ২১ জুন তাৰিখটো কিয় বাছি লোৱা হ’ল ?
২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ আঁৰৰ এটা কাৰণ হ’ল ২১ জুন বছৰৰ আটাইতকৈ দীঘলীয়া দিন । এই দিনটোত সূৰ্যৰ পোহৰ পৃথিৱীত দীৰ্ঘ সময় ধৰি থাকে । আদিযোগী নামেৰেও পৰিচিত ভগৱান শিৱই এই দিনটোৰ পৰাই নিজৰ শিষ্যসকলক যোগৰ জ্ঞান প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল ।
যোগ দিৱসৰ উদ্দেশ্য-
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ মূল উদ্দেশ্য হৈছে যোগৰ উপকাৰিতাৰ বিষয়ে মানুহক সজাগ কৰা । বৰ্তমানৰ ব্যস্ততাপূৰ্ণ জীৱনত বহুতে শাৰীৰিক আৰু মানসিক চাপৰ সৈতে যুঁজি আছে, এনে পৰিস্থিতিত যোগাসন কৰাটো তেওঁলোকৰ বাবে উপকাৰী প্ৰমাণিত হ’ব পাৰে । ইয়াৰ দ্বাৰা বহু ধৰণৰ ৰোগ প্ৰতিৰোধ, শৰীৰ সক্ৰিয় কৰি ৰখা আৰু মানসিক চাপ কমোৱাত সহায়ক হ’ব পাৰে ।
ভাৰতত এই দিৱস বৃহৎ পৰিসৰত পালন কৰা হয়, য’ত প্ৰধানমন্ত্ৰীয়ে নিজেই অংশগ্ৰহণ কৰে । প্ৰতি বছৰে এই দিনটোত বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয়, উদ্যান আৰু সামূহিক স্থানত যোগ শিবিৰ, কৰ্মশালা আৰু কাৰ্যসূচীৰ আয়োজন কৰা হয় । লাখ লাখ মানুহে একেলগে যোগাসন কৰি বিশ্ব অভিলেখো সৃষ্টি কৰে ।
২০২৫ বৰ্ষৰ থিম-
প্ৰতি বছৰে যোগ দিৱস এটা থিম লৈ পালন কৰা হয় । এইবাৰৰ বিষয়বস্তু হৈছে “এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ”(Yoga For One Earth, One Health) । ইয়াত সামগ্ৰিক মংগল আৰু পৰিৱেশ সম্প্ৰীতিৰ প্ৰসাৰৰ ক্ষেত্ৰত যোগৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰতিফলিত কৰা হৈছে ।
লগতে পঢ়ক : অব্যাহত আছে অসহনীয় গৰম; গ্ৰীষ্মপ্ৰৱাহৰ পৰা হাত সাৰিবলৈ গ্ৰহণ কৰক এইসমূহ পদ্ধতি