টেষ্ট দলত পৰিৱৰ্তন অষ্ট্ৰেলিয়াৰ
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫ ৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ দলটোৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।
এতিয়া কেংগাৰু দলটোৱে ডব্লিউ টি চিৰ চতুৰ্থ সংস্কৰণত প্ৰথমখন টেষ্ট শৃংখলা ৱেষ্ট ইণ্ডিজত খেলিব, যাৰ ২৫ জুনৰ পৰা আৰম্ভ হ’ব।এই ভ্ৰমণৰ বাবে দলটো ইতিমধ্যে ঘোষণা কৰা হৈছিল, য’ত এতিয়া এটা পৰিৱৰ্তন কৰা হৈছে।
ব্ৰেণ্ড ডগেটৰ ঠাইত স্থান লাভ শ্বেন এবটৰ
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ফালৰ পৰা ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে টেষ্ট দলৰ পৰিৱৰ্তন সন্দৰ্ভত দি কয় যে বেগী বলাৰ ব্ৰেণ্ট ডগেটে আঘাত পাইছে, যাৰ বাবে তেওঁ দলটোৰ সৈতে ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাব নোৱাৰিব।
ব্ৰেণ্ড ডগেটে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচৰ বাবে ৰিজাৰ্ভ খেলুৱৈ হিচাপে স্থান লাভ কৰিছিল। এতিয়া তেওঁ ইংলেণ্ডৰ পৰা পোনে পোনে অষ্ট্ৰেলিয়ালৈ উভতি গৈছে।
ডগেটৰ ঠাইত দলটোত আনকেপড অল ৰাউণ্ডাৰ শ্বেন এবটে স্থান লাভ কৰিছে। যিয়ে এতিয়ালৈকে কেৱল এদিনীয়া আৰু টি-২০ ফৰ্মেটত হে অভিষেক কৰিছে।
চলিত বৰ্ষৰ আৰম্ভণিতে শ্ৰীলংকা ভ্ৰমণৰ বাবেও এবটক দলত অন্তৰ্ভুক্ত কৰা হৈছিল, কিন্তু টেষ্টত অভিষেক ঘটোৱাৰ সুযোগ নাপালে।প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এতিয়ালৈকে ৮৮খন মেচ খেলি শ্বেন এবটে ৩০.২৯ গড়ে ২৬৭টা উইকেট দখল কৰিছে।
ষ্টিভ স্মিথৰ ফিটনেছক লৈও সন্দেহ
ডব্লিউ টি চিৰ ফাইনেল মেচৰ সময়ত ষ্টিভ স্মিথে স্লিপত ফিল্ডিং কৰি থকাৰ সময়তে সোঁহাতৰ আঙুলিত আঘাত পাইছিল, ইয়াৰ পিছতো তেওঁৰ ফিটনেছক লৈও সন্দেহৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
স্মিথৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহ’ব যদিও কম্পাউণ্ড ডিচলকেচনৰ বাবে অহা কেইসপ্তাহমানৰ বাবে স্প্লিণ্ট পিন্ধিব লাগিব।এনে পৰিস্থিতিত তেওঁৰ ফিটনেছ অষ্ট্ৰেলিয়ান দলৰ বাবেও ডাঙৰ চিন্তাৰ বিষয়।
লগতে পঢ়ক: ISRO ৰ সফলতা; প্ৰথমবাৰলৈ উত্তৰ প্ৰদেশত পেলোডৰ সৈতে ৰকেট উৎক্ষেপণ পৰীক্ষণ