ইজৰাইলৰ আক্ৰমণত ক্ষুব্ধ খামেনী
ইৰাণ আৰু ইজৰাইলৰ মাজত ইতিমধ্যে যুদ্ধ আৰম্ভ হৈছে।দুয়োখন দেশে ইখনে সিখনক প্ৰত্যাহ্বান জনাইছে।ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধ লৈ ইৰাণে বেলিষ্টিক মিছাইলেৰে টেল এভিভ আক্ৰমণ কৰে।
একে সময়তে ইজৰাইলৰ আক্ৰমণত বহু সামৰিক সেনাধ্যক্ষ আৰু পাৰমাণৱিক বিজ্ঞানীৰ মৃত্যুৰ লগতে বহু সামৰিক ঘাটিৰ ক্ষতিৰ বাবে ইৰাণ ক্ষুব্ধ হৈ পৰিছে।ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনীয়ে ইজৰাইলক ধ্বংস কৰাৰ প্ৰতিজ্ঞা কৰিছে।
ইজৰাইলে ইয়াৰ পৰিণাম ভুগিব: খামেনী
খামেনীয়ে কৈছে যে, “ইজৰাইলে এইটো ভাবিব নালাগে যে আক্ৰমণৰ পিছত এইটো শেষ হৈ যাব। তেওঁলোকে এইবোৰ কৰি যুদ্ধ আৰম্ভ কৰিছিল”।
“তেওঁলোকে কৰা এই ডাঙৰ অপৰাধৰ বাবে আমি তেওঁলোকক সাৰি যাবলৈ নিদিওঁ।”ইৰাণৰ চৰকাৰী টিভিত প্ৰদৰ্শিত পূৰ্বতে ৰেকৰ্ডিং কৰা বাৰ্তাযোগে এই সতৰ্কবাণী জাৰি কৰিছে সৰ্বোচ্চ নেতাগৰাকীয়ে ।
তেওঁ লগতে কৈছে যে, “এই অপৰাধৰ দ্বাৰা ইজৰাইলে নিজকে তিক্ত আৰু যন্ত্ৰণাদায়ক ভাগ্যৰ বাবে তৈয়াৰ কৰিছে আৰু সেইটোৰ সৈতে ই নিশ্চয় ৰূপত সন্মুখিন কৰিব লাগিব।”
ইজৰাইলৰ হাতত লাগিছে তেজৰ দাগ
আয়াতুল্লা আলী খামেনীয়ে কৈছে যে ইৰাণৰ বিৰুদ্ধে এই অপৰাধত ইজৰাইলৰ হাতত তেজৰ দাগ লাগিছে।তেওঁ প্ৰতিজ্ঞা কৰিছে যে, তেহৰাণে তেল এভিভক ধ্বংস কৰিহে এৰিব।
ইয়াৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱেও ইৰাণৰ শাসন ব্যৱস্থাক সকীয়াই দিছিল। নেতান্যাহুৱে ইৰাণৰ জনসাধাৰণক আহ্বান জনায় যে বিগত ৫০ বছৰ ধৰি এই অত্যাচাৰী শাসন ব্যৱস্থাৰ অধীনত তেওঁলোকে ক্ষতিগ্ৰস্ত হৈ আহিছে।
ইজৰাইলে তেওঁলোকৰ বাবে স্বাধীনতাৰ পথ সৃষ্টি কৰিছে।ইৰাণৰ বিৰুদ্ধে ইজৰাইলে সামৰিক অভিযান অব্যাহত ৰাখিব বুলি নেতান্যাহুৱে স্পষ্টকৈ কয়।
ইৰাণৰ সামৰিক সেনাধ্যক্ষ আৰু পাৰমাণৱিক বিজ্ঞানীৰ মৃত্যু
উল্লেখ্য যে ইজৰাইলে ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক ঘাটিত ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণ চলাইছিল। এই আক্ৰমণত কেইবাজনো সামৰিক সেনাধ্যক্ষ আৰু পাৰমাণৱিক বিজ্ঞানীৰ মৃত্যু হৈছিল। ইয়াৰ দ্বাৰা হতাশ হৈ ইৰাণেও ড্ৰোন আৰু বেলিষ্টিক মিছাইলেৰে ইজৰাইলক আক্ৰমণ কৰে।
লগতে পঢ়ক: মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা; ইজৰাইলৰ ওপৰত ১৫০টা মিছাইল নিক্ষেপ ইৰাণৰ