কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যু
বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী তথা ব্যৱসায়ী সঞ্জয় কাপুৰৰ ৫৩ বছৰ বয়সত দেহাৱসান ঘটে।হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় সঞ্জয় । প’ল’ খেলি থকাৰ সময়তে এই ঘটনাটো সংঘটিত হয়।
জানিব পৰা মতে ইংলেণ্ডৰ গাৰ্ডছ প’লো ক্লাবত প’ল’ খেলি থাকোঁতে হঠাৎ হৃদ ৰোগত আক্ৰান্ত হৈ মাটিত পৰি যায় সঞ্জয়।ইয়াৰ পিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকৰ তেওঁক বচাব নোৱাৰিলে।
অভিনেতা তথা সাহিত্যিক সুহেল ছেথে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম x ত এটা পোষ্ট শ্বেয়াৰ কৰি সঞ্জয়ৰ মৃত্যু নিশ্চিত কৰে। মৃত্যুৰ কেইঘণ্টামান পূৰ্বে সঞ্জয় কাপুৰে আহমেদাবাদৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত টুইট কৰিছিল।
মৃত্যুৰ কেইঘণ্টামান পূৰ্বে কৰিছিল টুইট
ব্যৱসায়ী গৰাকীৰ শেষৰটো পোষ্ট ১২ জুনৰ সন্ধিয়া ৫ মান বজাত আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাক লৈ কৰিছিল।
তেওঁ পোষ্টটোত লিখিছিল যে, ‘আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ অতি দুখজনক খবৰ পাইছো। সকলো পৰিয়াললৈ মোৰ সমবেদনা আৰু প্ৰাৰ্থনা।এই কঠিন সময়ত ভগৱানে তেওঁলোকক শক্তি আৰু সাহস দিয়ক।’

২০০৩ চনত কৰিশ্মা কাপুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ
২০০৩ চনত কৰিশ্মা কাপুৰ আৰু সঞ্জয় কাপুৰৰ বিয়া হৈছিল,কিন্তু কেইবছৰমানৰ ভিতৰতে তেওঁলোকৰ সম্পৰ্কত বিভাজন ঘটিল আৰু ২০১৪ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়।কৰিশ্মা আৰু সঞ্জয়ৰ দুটা সন্তান – কন্যা সমইৰা আৰু পুত্ৰ কিয়ান।
প্ৰিয়া সচদেৱৰ সৈতে দ্বিতীয় বিবাহ
কৰিশ্মা কাপুৰৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত সঞ্জয় কাপুৰে দ্বিতীয়বাৰৰ বাবে প্ৰিয়া সচদেৱৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।