অক্ষয় কুমাৰৰ শোক প্ৰকাশ
গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাই সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছে।কোৱা হৈছে যে এই বিমানখনত ২৩০ জন যাত্ৰী আৰু ১২ জন ক্ৰুকে ধৰি মুঠ ২৪২ জন লোক আছিল।
আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰা এই বিমানখনে উৰণৰ কিছু সময়ৰ পিছতে এক জ্বলি ছাঁই হৈ যায়।
এই বিমান দুৰ্ঘটনাক লৈ এতিয়া বলীউডৰ তাৰকা সকলেও শোক প্ৰকাশ কৰিছে। বলীউডৰ অভিনেতা অক্ষয় কুমাৰে টুইট কৰি কয়,’এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাত মই স্তম্ভিত আৰু বাকৰুদ্ধ হৈ পৰিছো।
এই সময়ত আমি কেৱল প্ৰাৰ্থনাহে কৰিব পাৰো।’ অভিনেতা ছলমান খানে তেওঁৰ সকলো অনুষ্ঠান বাতিল কৰি কৈছে যে, ‘এতিয়া আনন্দ ফুৰ্তি কৰাৰ সময় নহয়। সকলোকে সুস্থ অৱস্থাত উদ্ধাৰ কৰক’।
আনহাতে ৰিতেশ দেশমুখে এক্সত এটা পোষ্ট লিখিছে, ‘আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ খবৰ শুনি স্তম্ভিত হৈ পৰিছো।অতি হৃদয় বিদাৰক’।
‘এই দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা সকলো যাত্ৰী, তেওঁলোকৰ পৰিয়াল আৰু প্ৰতিজন ব্যক্তিয়ে সাহস ৰাখক।এই কঠিন সময়ত তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো’ ।
অক্ষয় কুমাৰ, ছানী দেওল, পৰিনীতি চোপ্ৰা, ৰিতেশ দেশমুখ,ছলমান খান ৰানদ্বীপ হুদা, চনু সুদৰ উপৰিও আন বহু তাৰকাই এই বৃহৎ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।
লগতে পঢ়ক:১১ বছৰীয়া পুৰণি বয়িং বিমান,৭০০০ কিলোমিটাৰ উৰণ; আহমেদাবাদত মৃত্যুৰ কিৰিলী