অব্যাহত আছে অসহনীয় গৰম

অব্যাহত আছে অসহনীয় গৰম; গ্ৰীষ্মপ্ৰৱাহৰ পৰা হাত সাৰিবলৈ গ্ৰহণ কৰক এইসমূহ পদ্ধতি

অব্যাহত আছে অসহনীয় গৰম ৰাজধানী দিল্লীকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত অব্যাহত আছে প্ৰচণ্ড গৰম । বতৰ বিজ্ঞান বিভাগে দিল্লীকে ধৰি কিছু অঞ্চলৰ বাবে আগন্তুক দুদিনত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । এই সতৰ্কবাণীয়ে মানুহক সাৱধান হ’বলৈ আৰু গ্ৰীষ্মপ্ৰৱাহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কয় কাৰণ এই বতৰত

অব্যাহত আছে অসহনীয় গৰম

ৰাজধানী দিল্লীকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত অব্যাহত আছে প্ৰচণ্ড গৰম । বতৰ বিজ্ঞান বিভাগে দিল্লীকে ধৰি কিছু অঞ্চলৰ বাবে আগন্তুক দুদিনত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । এই সতৰ্কবাণীয়ে মানুহক সাৱধান হ’বলৈ আৰু গ্ৰীষ্মপ্ৰৱাহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কয় কাৰণ এই বতৰত এটা সৰু গাফিলতিও মাৰাত্মক হৈ উঠিব পাৰে । ইফালে সোমবাৰে দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা প্ৰায় ৪৪.৬ ডিগ্ৰী পৰ্যন্ত হয়, যিটো এই ঋতুৰ গড় উষ্ণতাৰ তুলনাত ৩.৪ ডিগ্ৰী বেছি । অসমতো শেহতীয়াকৈ অব্যাহত আছে গৰমৰ প্ৰকোপ । অসহনীয় গৰমত ব্যাহত হৈছে স্বাভাৱিক জীৱনযাত্ৰা ।

অসহনীয় গৰমৰ পৰা হাত সাৰিবলৈ কিছু পৰামৰ্শ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ চৰকাৰী ৱেবছাইটত দিয়া হৈছে । ইয়াত আমি আপোনালোকক সেই পৰামৰ্শৰ বিষয়ে কৈছো যাতে আপুনি এই প্ৰচণ্ড গৰমৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে ।

কেনেদৰে সাৱধানতা অৱলম্বন কৰিব-

-অসহনীয় গৰমত নিজকে সুৰক্ষিত ৰাখিবলৈ বিশেষকৈ দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত ৰ’দত ওলাই যোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক ।

-পিয়াহ অনুভৱ নকৰিলেও পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে ।

-পাতল কাপোৰ, পাতল ৰঙৰ কাপোৰ, ঢিলা আৰু কপাহী কাপোৰ পৰিধান কৰক । ৰ’দত ওলাই যোৱাৰ সময়ত চশমা, ছাতি/টুপী, জোতা আৰু চেন্দেল পিন্ধক ।

-বাহিৰৰ তাপমাত্ৰা বেছি হ’লে ব্যায়াম বা খোজ কঢ়াৰ বাবে বাহিৰলৈ যোৱা পৰিহাৰ কৰিব লাগে ।

-যাত্ৰাৰ সময়ত সদায় পানী লগত ৰাখিব আৰু মাজে মাজে পানী খাই থাকিব ।

-সুৰা, চাহ, কফি আৰু কাৰ্বনেটেড পানীয় পৰিহাৰ কৰক । এই পানীয়বোৰে শৰীৰত পানীৰ অভাৱ ঘটায় ।

-প্ৰটিনযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু বাহী খাদ্য নাখাব ।

-যদি ৰ’দত থাকিবলৈ বা কাম কৰিবলৈ বাধ্য হয় তেন্তে টুপী বা ছাতি ব্যৱহাৰ কৰক আৰু মূৰ, ডিঙি, মুখ আদিত পানীত তিতি থকা কাপোৰ বান্ধি ৰাখক ।

-যদি আপুনি অৱস বা অসুস্থ অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক ।

-ঘৰতে বনোৱা পানীয় যেনে লাচ্চী, অ’ আৰ এছ, নেমু পানী, চৰ্বত আদি পান কৰক যিয়ে শৰীৰ হাইড্ৰেটেড ৰখাত সহায় কৰে ।

-ঘৰখন ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰক । দিনত খিৰিকী বন্ধ কৰি ৰাতি খোলা ৰাখিব লাগে যাতে ৰাতি শীতল বতাহ সোমাব পাৰে ।

লগতে পঢ়ক : ১.৪৬ বিলিয়ন হ’বগৈ ভাৰতৰ জনসংখ্যা; প্ৰজননৰ হাৰ হ্ৰাস : ইউ এন এফ পি এ

শেহতীয়া প্ৰৱন্ধসমূহ