প্ৰচণ্ড উত্তাপে দহিছে ইউৰোপ: অভিলেখ ভংগকাৰী গ্ৰীষ্ম প্ৰৱাহত ১,৩০০ৰো অধিক মৃত্যু, স্তব্ধ জনজীৱন!

বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত উত্তপ্ত হোৱা মহাদেশ ইউৰোপে বৰ্তমান এক বৰ্ধিত জনস্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ মাজেৰে গতি কৰিছে

শেহতীয়াকৈ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ কবলত পৰিছে সমগ্ৰ ইউৰোপ । ইউৰোপে বৰ্তমান ইয়াৰ ইতিহাসৰ আটাইতকৈ তীব্ৰ আৰু ভয়াৱহ গ্ৰীষ্ম প্ৰৱাহৰ সন্মুখীন হৈছে । অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা তাপমাত্ৰাৰ বাবে সমগ্ৰ মহাদেশখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । এই প্ৰচণ্ড গৰমৰ ফলত কেৱল স্বাস্থ্য খণ্ডই নহয়, পৰিবহন ব্যৱস্থা আৰু বিদ্যুৎ আন্তঃগাঁথনিও গভীৰ সংকটত পৰিছে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ গুৰুতৰ সতৰ্কবাণী

বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত উত্তপ্ত হোৱা মহাদেশ ইউৰোপে বৰ্তমান এক বৰ্ধিত জনস্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ মাজেৰে গতি কৰিছে ।

WHO-ৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ আধানম গেব্ৰেয়েছাছে সদৰী কৰা মতে ১৫০ নিযুততকৈও অধিক লোক বৰ্তমান চৰম গৰমৰ পৰিস্থিতিত জীৱন কটাইছে । ২১ জুনৰ পৰা এতিয়ালৈকে ১,৩০০ তকৈও অধিক অতিৰিক্ত মৃত্যুৰ ঘটনা পঞ্জীয়ন কৰা হৈছে । তেওঁ কয়- “তাপৰ মানসিক আৰু শাৰীৰিক চাপ হৈছে এক ‘মনে মনে অহা হত্যাকাৰী’ । ইউৰোপৰ ঘৰ, কৰ্মক্ষেত্ৰ তথা বিদ্যালয়সমূহ এই ধৰণৰ চৰম তাপমাত্ৰাৰ বাবে সজা হোৱা নাছিল ।”

৪০ ডিগ্ৰীৰ ওপৰত তাপমাত্ৰা: ভাঙিলে পূৰ্বৰ ৰেকৰ্ড

উপলব্ধ চৰকাৰী তথ্য অনুসৰি, বিগত সপ্তাহান্তত ইউৰোপৰ কেইবাখনো দেশত তাপমাত্ৰাই ৪০°C ৰ সীমা অতিক্ৰম কৰিছে । ক্ৰমে- চেক গণৰাজ্য ৪১.৯°C, জাৰ্মানী ৪১.৭°C, পোলেণ্ড ৪০.৫°C ।

ছচিয়েল মিডিয়াত ভাইৰেল গৰমৰ ভয়াবহ দৃশ্য

প্ৰচণ্ড গৰমৰ বাবে সাধাৰণ জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে । ছচিয়েল মিডিয়াত ভাইৰেল হোৱা কেইবাটাও ভিডিঅ’ত দেখা গৈছে যে মানুহে মুকলি আকাশৰ তলত, সূৰ্যৰ পোহৰত ফ্ৰাইং পেন ৰাখি কণী আৰু বেকন ৰান্ধিবলৈ সক্ষম হৈছে । দোকানৰ ভিতৰতে চকলেট গলি যোৱা, প্লাষ্টিকৰ শ্বপিং ট্ৰলী আৰু জোতা-চটি গৰমত বেঁকা হৈ যোৱাৰ দৰে ঘটনাও পোহৰলৈ আহিছে । জাৰ্মানীৰ বাৰ্লিনত প্ৰচণ্ড গৰমৰ পৰা সকাহ দিবলৈ আৰক্ষীয়ে নাগৰিকৰ ওপৰত পানীৰ হিলৈ ব্যৱহাৰ কৰিবলগীয়া হৈছে । আনহাতে লাইপজিগত তীব্ৰ গৰমৰ বাবে ট্ৰামৰ ৰেলপথ বেঁকা হৈ পৰাত ট্ৰাম সেৱা সাময়িকভাৱে বন্ধ কৰা হৈছে ।

ইফালে আন একাংশ দৃশ্যত তীব্ৰ গৰমত গাড়ীৰ টায়াৰ গলি যোৱা আনকি গাড়ীৰ সন্মুখৰ ভাগ গলি যোৱা দেখা গৈছে ।  

চিকিৎসালয় আৰু মৰ্গত ঠাইৰ অভাৱ

ফ্ৰান্স বৰ্তমান এই উষ্ণপ্ৰবাহৰ ফলত আটাইতকৈ বেয়াকৈ প্ৰভাৱিত হৈছে । ফ্ৰান্সৰ স্বাস্থ্য কৰ্তৃপক্ষৰ মতে, যোৱা বুধবাৰৰ পৰা দেশখনত স্বাভাৱিকতকৈ প্ৰায় ১,০০০ জন অধিক লোকৰ মৃত্যু হৈছে ।

নেচনেল ফিউনাৰেল ফেডাৰেচনৰ প্ৰতিনিধি এলিজাবেথ চেৰিয়াৰে জানিবলৈ দিয়া মতে, পেৰিছৰ শৱদাহগৃহ বা অন্ত্যেষ্টিক্ৰিয়া গৃহসমূহৰ ব্যৱহাৰৰ হাৰ ৬০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে (যিটো স্বাভাৱিকতে ৩০ ৰ পৰা ৪৫ শতাংশ থাকে)। কেন্দ্ৰীয় পেৰিছৰ মৰ্গসমূহ সম্পূৰ্ণ ভৰি পৰাৰ বাবে মৃতদেহ সজাবৰ বাবে শোকসন্তপ্ত পৰিয়ালসমূহে উপনগৰসমূহৰ কাষ চাপিবলগীয়া হৈছে ।

বিদ্যুৎ ব্যৱস্থাত প্ৰচণ্ড চাপ: ব্লেকআউটৰ আশংকা

প্ৰচণ্ড গৰমৰ বাবে এয়াৰ কণ্ডিচনাৰ আৰু কুলিং ব্যৱহাৰ বৃদ্ধি পোৱাত বিদ্যুৎ ব্যৱস্থাৰ ওপৰত তীব্ৰ চাপ পৰিছে । বিশেষকৈ যুদ্ধবিধ্বস্ত ইউক্ৰেইনত শক্তি সংকট অধিক ঘনীভূত হৈছে । ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ বাবে ইতিমধ্যে ক্ষতিগ্ৰস্ত হোৱা ইউক্ৰেইনৰ শক্তি গ্ৰীডৰ চাপ কমাবলৈ পশ্চিমীয়া ৰিভন অঞ্চলত জৰুৰীকালীন বিদ্যুৎ কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে ।

বতৰ বিজ্ঞান সংস্থাসমূহৰ মতে, এই ভয়াৱহ উষ্ণপ্ৰবাহ বৰ্তমান ক্ৰমান্বয়ে পূব দিশলৈ গতি কৰিছে, যাৰ ফলত আগন্তুক দিনবোৰত ইউৰোপৰ আন বহু অঞ্চলত তাপমাত্ৰা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : সিন্ধু জল চুক্তিক লৈ ভীৰু পাকিস্তানৰ ভাবুকি, ভাৰতৰ হাত কটাৰো হুংকাৰ

আগন্তুক ৫ বছৰত পৃথিৱীৰ উষ্ণতা বৃদ্ধিয়ে অতিক্ৰম কৰিব পাৰে বিপজ্জনক সীমা

ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ (WMO) এক শেহতীয়া প্ৰতিবেদনে বিশ্ববাসীক চৰম সতৰ্কবাণী প্ৰদান কৰিছে । পেৰিছ জলবায়ু চুক্তি অনুসৰি, পৃথিৱীৰ উষ্ণতা বৃদ্ধি ১.৫ ডিগ্ৰী চেলচিয়াছৰ তলত ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ।

সমগ্ৰ বিশ্বই এতিয়া এক গভীৰ জলবায়ু সংকটৰ দিশে গতি কৰিছে । ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ (WMO) এক শেহতীয়া প্ৰতিবেদনে বিশ্ববাসীক চৰম সতৰ্কবাণী প্ৰদান কৰিছে । প্ৰতিবেদন অনুসৰি, ২০২৬ চনৰ পৰা ২০৩০ চনৰ সময়ছোৱাত পৃথিৱীৰ উষ্ণতা অতি দ্ৰুতগতিত বৃদ্ধি পাবলৈ গৈ আছে, যিয়ে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত এক নতুন আৰু ভয়াৱহ অভিলেখ সৃষ্টি কৰিব ।

১.৫ ডিগ্ৰীৰ সীমা অতিক্ৰমৰ আশংকা-

পেৰিছ জলবায়ু চুক্তি অনুসৰি, বিশ্বৰ উষ্ণতা বৃদ্ধি ১.৫ ডিগ্ৰী চেলচিয়াছৰ তলত ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু WMO-ৰ তথ্যই কয় যে অহা ৫ বছৰৰ ভিতৰত গড় উষ্ণতা ১.৫ ডিগ্ৰীৰ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা ৭৫ শতাংশ । ইয়াৰ উপৰিও, ২০২৪ চনৰ গৰমৰ অভিলেখ এই পাঁচ বছৰৰ ভিতৰত ভংগ হোৱাৰ সম্ভাৱনা ৮৬ শতাংশ ।

আৰ্কটিক আৰু আমাজনৰ সংকট-

প্ৰতিবেদনখনত দুটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ওপৰত উদ্বেগ প্ৰকাশ কৰা হৈছে:

আৰ্কটিক : বিশ্বৰ আন ঠাইৰ তুলনাত ৩.৫ গুণ বেছি দ্ৰুতগতিত আৰ্কটিক অঞ্চল উত্তপ্ত হৈছে । বৰফৰ তৰপ দ্ৰুতগতিত গলি যোৱাৰ ফলত এক বিষম চক্ৰৰ সৃষ্টি হৈছে, যিয়ে সমগ্ৰ বিশ্বৰ বতৰক প্ৰভাৱিত কৰিব ।

আমাজন : পৃথিৱীৰ ‘কাৰ্বন ছিংক’ হিচাপে পৰিচিত আমাজন বনাঞ্চলত অহা কেইবছৰত ভয়ানক খৰাঙৰ আশংকা আছে । ইয়াৰ ফলত বনাঞ্চলত জুই লগাৰ ঘটনা বৃদ্ধি পাই বনাঞ্চলখনে নিজেই কাৰ্বন নিৰ্গমন কৰিবলৈ আৰম্ভ কৰিব পাৰে, যিটো বিশ্বৰ বাবে অতি ভয়াৱহ হ’ব ।

ভাৰতৰ ওপৰত প্ৰভাৱ আৰু প্ৰত্যাহ্বান-

ভাৰতবৰ্ষৰ বাবে এই জলবায়ু পৰিৱৰ্তনে স্বাস্থ্য আৰু অৰ্থনীতিত গভীৰ প্ৰভাৱ পেলাব । বিশেষকৈ দেশত লূ (Heatwave)-ৰ প্ৰকোপ বৃদ্ধি পাব, নিশাৰ উষ্ণতাও অসহ্যকৰ হৈ পৰিব । চহৰ অঞ্চলসমূহত ‘আৰ্বান হিট আইলেণ্ড’ৰ প্ৰভাৱে জনজীৱন বিপৰ্যস্ত কৰিব । বিশেষজ্ঞসকলে ভাৰতৰ ‘হিট একচন প্লেন’সমূহ অধিক শক্তিশালী আৰু কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

কি কয় ৰাষ্ট্ৰসংঘই ?

ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰধান চাইমন ষ্টীলে কয় যে বৰ্তমানৰ প্ৰচেষ্টাসমূহ জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ যথেষ্ট নহয় । কয়লা, তেল আৰু প্ৰাকৃতিক গেছৰ অত্যাধিক ব্যৱহাৰেই এই সংকটৰ মূল কাৰণ । তেওঁৰ মতে, এতিয়াও কিছু পদক্ষেপ গ্ৰহণ কৰিবলৈ সময় আছে । তাৎক্ষণিকভাৱে কাৰ্বন নিৰ্গমন হ্ৰাস কৰা, নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা আৰু প্ৰকৃতিৰ সংৰক্ষণেই এই বিপদৰ পৰা হাত সাৰিবলৈ একমাত্ৰ পথ ।

প্ৰতিবেদনখনে স্পষ্ট কৰি দিছে যে প্ৰতি ০.১ ডিগ্ৰী উষ্ণতা বৃদ্ধিৰ লগে লগে পৃথিৱীৰ ক্ষতিৰ মাত্ৰা বাঢ়ি যায় । অহা পাঁচ বছৰ মানৱ সভ্যতাৰ বাবে এক পৰীক্ষামূলক সময় হ’বলৈ গৈ আছে । যদি এতিয়াও সময় থাকোঁতেই আমি সজাগ নহওঁ, তেন্তে ভৱিষ্যত প্ৰজন্মই চৰম বতৰৰ দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলগীয়া হ’ব ।

লগতে পঢ়ক : ইছৰোৰ বৃহৎ সফলতা: চন্দ্ৰৰ দক্ষিণ মেৰুত পৃষ্ঠৰ তলত বৰফৰ সন্ধান

অব্যাহত আছে অসহনীয় গৰম; গ্ৰীষ্মপ্ৰৱাহৰ পৰা হাত সাৰিবলৈ গ্ৰহণ কৰক এইসমূহ পদ্ধতি

অব্যাহত আছে অসহনীয় গৰম

ৰাজধানী দিল্লীকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত অব্যাহত আছে প্ৰচণ্ড গৰম । বতৰ বিজ্ঞান বিভাগে দিল্লীকে ধৰি কিছু অঞ্চলৰ বাবে আগন্তুক দুদিনত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । এই সতৰ্কবাণীয়ে মানুহক সাৱধান হ’বলৈ আৰু গ্ৰীষ্মপ্ৰৱাহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কয় কাৰণ এই বতৰত এটা সৰু গাফিলতিও মাৰাত্মক হৈ উঠিব পাৰে । ইফালে সোমবাৰে দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা প্ৰায় ৪৪.৬ ডিগ্ৰী পৰ্যন্ত হয়, যিটো এই ঋতুৰ গড় উষ্ণতাৰ তুলনাত ৩.৪ ডিগ্ৰী বেছি । অসমতো শেহতীয়াকৈ অব্যাহত আছে গৰমৰ প্ৰকোপ । অসহনীয় গৰমত ব্যাহত হৈছে স্বাভাৱিক জীৱনযাত্ৰা ।

অসহনীয় গৰমৰ পৰা হাত সাৰিবলৈ কিছু পৰামৰ্শ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ চৰকাৰী ৱেবছাইটত দিয়া হৈছে । ইয়াত আমি আপোনালোকক সেই পৰামৰ্শৰ বিষয়ে কৈছো যাতে আপুনি এই প্ৰচণ্ড গৰমৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে ।

কেনেদৰে সাৱধানতা অৱলম্বন কৰিব-

-অসহনীয় গৰমত নিজকে সুৰক্ষিত ৰাখিবলৈ বিশেষকৈ দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত ৰ’দত ওলাই যোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক ।

-পিয়াহ অনুভৱ নকৰিলেও পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে ।

-পাতল কাপোৰ, পাতল ৰঙৰ কাপোৰ, ঢিলা আৰু কপাহী কাপোৰ পৰিধান কৰক । ৰ’দত ওলাই যোৱাৰ সময়ত চশমা, ছাতি/টুপী, জোতা আৰু চেন্দেল পিন্ধক ।

-বাহিৰৰ তাপমাত্ৰা বেছি হ’লে ব্যায়াম বা খোজ কঢ়াৰ বাবে বাহিৰলৈ যোৱা পৰিহাৰ কৰিব লাগে ।

-যাত্ৰাৰ সময়ত সদায় পানী লগত ৰাখিব আৰু মাজে মাজে পানী খাই থাকিব ।

-সুৰা, চাহ, কফি আৰু কাৰ্বনেটেড পানীয় পৰিহাৰ কৰক । এই পানীয়বোৰে শৰীৰত পানীৰ অভাৱ ঘটায় ।

-প্ৰটিনযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু বাহী খাদ্য নাখাব ।

-যদি ৰ’দত থাকিবলৈ বা কাম কৰিবলৈ বাধ্য হয় তেন্তে টুপী বা ছাতি ব্যৱহাৰ কৰক আৰু মূৰ, ডিঙি, মুখ আদিত পানীত তিতি থকা কাপোৰ বান্ধি ৰাখক ।

-যদি আপুনি অৱস বা অসুস্থ অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক ।

-ঘৰতে বনোৱা পানীয় যেনে লাচ্চী, অ’ আৰ এছ, নেমু পানী, চৰ্বত আদি পান কৰক যিয়ে শৰীৰ হাইড্ৰেটেড ৰখাত সহায় কৰে ।

-ঘৰখন ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰক । দিনত খিৰিকী বন্ধ কৰি ৰাতি খোলা ৰাখিব লাগে যাতে ৰাতি শীতল বতাহ সোমাব পাৰে ।

লগতে পঢ়ক : ১.৪৬ বিলিয়ন হ’বগৈ ভাৰতৰ জনসংখ্যা; প্ৰজননৰ হাৰ হ্ৰাস : ইউ এন এফ পি এ