DRDO

DRDO ৰ মাষ্টাৰষ্ট্ৰ’ক! নিৰ্মাণ কৰিছে শত্ৰুক নিমিষতে ধ্বংস কৰিব পৰা মিছাইল

DRDO ৰ মাষ্টাৰষ্ট্ৰ’ক ভাৰতৰ প্ৰতিৰক্ষা শক্তিক নতুন উচ্চতালৈ লৈ যোৱাৰ এক বৃহৎ পদক্ষেপ পোহৰলৈ আহিছে।DRDO ’ (ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন)-এ এক উন্নত প্ৰতিৰক্ষা ব্যৱস্থা প্ৰস্তুত কৰিছে যিয়ে শত্ৰুৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰক আকাশতেই ধ্বংস কৰিব পাৰে। ই DRDO ৰ মাষ্টাৰষ্ট্ৰ’ক। এই থলুৱা বেলিষ্টিক মিছাইল ডিফেন্স (BMD)

DRDO ৰ মাষ্টাৰষ্ট্ৰ’ক

ভাৰতৰ প্ৰতিৰক্ষা শক্তিক নতুন উচ্চতালৈ লৈ যোৱাৰ এক বৃহৎ পদক্ষেপ পোহৰলৈ আহিছে।DRDO ’ (ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন)-এ এক উন্নত প্ৰতিৰক্ষা ব্যৱস্থা প্ৰস্তুত কৰিছে যিয়ে শত্ৰুৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰক আকাশতেই ধ্বংস কৰিব পাৰে। ই DRDO ৰ মাষ্টাৰষ্ট্ৰ’ক।

এই থলুৱা বেলিষ্টিক মিছাইল ডিফেন্স (BMD) ব্যৱস্থাটো ভাৰতৰ নিজা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে আৰু ই বায়ুমণ্ডলৰ ভিতৰত হওক বা বাহিৰত হওক মাটিত পৰি যোৱাৰ আগতেই শত্ৰুৰ ক্ষেপণাস্ত্ৰ ধ্বংস কৰিবলৈ সক্ষম।

ইয়াৰ অৰ্থৎ কোনো পাৰমাণৱিক ক্ষেপণাস্ত্ৰ উৰণৰ আৰম্ভণিতে বন্ধ কৰি দিলে বিকিৰণ বা বিস্ফোৰণৰ বিপদ নাইকিয়া হয়।

অপাৰেচন সিন্দুৰত দেখা গ’ল ভাৰতৰ শক্তি

‘অপাৰেচন সিন্দুৰ’ৰ সময়ত ভাৰতীয় সেনাই বিশ্বক দেখুৱাইছিল যে আত্মনিৰ্ভৰশীল ভাৰত এতিয়া সামৰিক প্ৰযুক্তিৰ ক্ষেত্ৰতো আগবাঢ়ি আছে।

এই অভিযানত ভাৰতে নিজৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থা, ৰাডাৰ আৰু ড্ৰোন বিৰোধী অস্ত্ৰ ব্যৱহাৰ কৰি শত্ৰুৰ আক্ৰমণ বিফল কৰে।

এই অভিযানৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট শব্দৰে কৈছিল যে এতিয়া ভাৰতে পাকিস্তানৰ পাৰমাণৱিক ভাবুকিৰ কোনো গুৰুত্ব নিদিয়ে।

কি হয় BMD চিষ্টেম?

বিএমডি অৰ্থাৎ বেলিষ্টিক মিছাইল ডিফেন্স চিষ্টেম হৈছে বহুস্তৰীয় সুৰক্ষা ব্যৱস্থা যাৰ দুটা মূল পৰ্যায় আছে।

ইয়াৰ উপকাৰিতা কি কি?

নিৰাপত্তা বৃদ্ধিঃ এই ব্যৱস্থাই ভাৰতৰ সুৰক্ষা ক্ষমতা বহুগুণ বৃদ্ধি কৰে।

শত্ৰুৰ ওপৰত মানসিক চাপঃ যিকোনো দেশেই এতিয়া ভাৰতক আক্ৰমণ কৰাৰ আগতে বহুবাৰ চিন্তা কৰিব।

ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰাঃ এই ব্যৱস্থাই ভাৰতৰ সীমান্ত আৰু জনসাধাৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

BMD চিষ্টেমে কেনেকৈ কাম কৰে?

ৰাডাৰ আৰু চেন্সৰৰ সহায়ত শত্ৰুৰ ক্ষেপণাস্ত্ৰ ধৰা পৰে।

লক্ষ্যৰ বিষয়ে তথ্য মিছন নিয়ন্ত্ৰণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়।

শত্ৰুৰ ক্ষেপণাস্ত্ৰ বন্ধ কৰিবলৈ ইন্টাৰচেপ্টৰ নিক্ষেপ কৰা হয়।

AD-1 ইন্টাৰচেপ্টৰৰ শক্তি

থলুৱাভাৱে নিৰ্মিত এডি-১ ইন্টাৰচেপ্টৰ ক্ষেপণাস্ত্ৰই অন্তিম পৰ্যায়তো ৩০০০ৰ পৰা ৫০০০ কিলোমিটাৰ দূৰত্বৰ শত্ৰুৰ ক্ষেপণাস্ত্ৰ ধ্বংস কৰিব পাৰে।

অৰ্থাৎ যদি কোনো বেলিষ্টিক ক্ষেপণাস্ত্ৰ ভাৰতৰ ফালে আহি আছে, তেন্তে এডি-১-এ ইয়াক মাটি স্পৰ্শ কৰিবলৈ নিদিয়াকৈ বায়ুমণ্ডলৰ ভিতৰতে নিজেই ধ্বংস কৰিব পাৰে।

লগতে পঢ়ক: উৎকট গৰমত খাওক ডাব নাৰিকলৰ পানী; শৰীৰৰ হ’ব উপকাৰ

শেহতীয়া প্ৰৱন্ধসমূহ