ইলন মাস্ক

‘শেষ হ’ল সকলো সম্পৰ্ক…,ডেম’ক্ৰেটক সমৰ্থন কৰিলে পৰিনাম হ’ব ভয়ংকৰ’; ইলন মাস্কক সকীয়নী ট্ৰাম্পৰ

ইলন মাস্কক সকীয়নী ট্ৰাম্পৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইলন মাস্কৰ মাজৰ সম্পৰ্ক দিনক দিনে বেয়া হৈ আহিছে। এতিয়া ড’নাল্ড ট্ৰাম্পে ইলন মাস্কক সকীয়াই দিছে। শেহতীয়াকৈ মাস্কৰ বিষয়ে দিয়া বক্তব্যত ট্ৰাম্পে কয় যে মাস্কৰ সৈতে মোৰ সম্পৰ্ক শেষ হৈছে।আগন্তুক নিৰ্বাচনত যদি মাস্কে ডেম’ক্ৰেট দলক সমৰ্থন

ইলন মাস্কক সকীয়নী ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইলন মাস্কৰ মাজৰ সম্পৰ্ক দিনক দিনে বেয়া হৈ আহিছে। এতিয়া ড’নাল্ড ট্ৰাম্পে ইলন মাস্কক সকীয়াই দিছে।

শেহতীয়াকৈ মাস্কৰ বিষয়ে দিয়া বক্তব্যত ট্ৰাম্পে কয় যে মাস্কৰ সৈতে মোৰ সম্পৰ্ক শেষ হৈছে।আগন্তুক নিৰ্বাচনত যদি মাস্কে ডেম’ক্ৰেট দলক সমৰ্থন কৰে তেন্তে ইয়াৰ পৰিণতি অতি ভয়ংকৰ হ’ব।

ট্ৰাম্পে আৰু কয় যে মাস্কে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ক অপমান কৰিছে।

মই মাস্কক সুযোগ দিছিলো

ড’নাল্ড ট্ৰাম্পক এটা সাক্ষাৎকাৰত সাংবাদিকে প্ৰশ্ন কৰে যে টেছলা আৰু স্পেচএক্সৰ CEOৰ সৈতে তেওঁৰ সম্পৰ্ক শেষ হৈছে বুলি ভাবিছে নেকি? ইয়াৰ উত্তৰত ট্ৰাম্পে কয় যে মই ভাবো এনেকুৱা হৈছে।মই আন কামত বৰ ব্যস্ত।

আপুনি জানে যে মই বৃহৎ ব্যৱধানত নিৰ্বাচনত জয়ী হৈছিলো।মই মাস্কক বহুত সুযোগ দিছিলো, এইটো হোৱাৰ বহু আগতেই মোৰ প্ৰথম প্ৰশাসনত তেওঁক সুযোগ দিছিলো।

‘ইলেক্ট্ৰিক বাহনৰ আদেশ প্ৰত্যাহাৰত বিচলিত মাস্ক

কিছুদিন পূৰ্বে মাস্কৰ ইটোৰ পিছত সিটো আক্ৰমণৰ ফলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প যেতিয়া চাৰিওফালৰ পৰা মাজত সোমাই পৰিছিল তেতিয়া তেওঁ সামাজিক মাধ্যমত প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত মাস্কক লক্ষ্য কৰি লৈছিল আৰু তেওঁক তীব্ৰ সমালোচনা কৰিছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে মই যেতিয়া বৈদ্যুতিক বাহনৰ সৈতে জড়িত আইনী আদেশ প্ৰত্যাহাৰ কৰিলোঁ তেতিয়া মাস্ক বিচলিত হৈছিল।মাস্কৰ কোম্পানীক দিয়া ৰাজসাহায্যৰ অন্ত পেলোৱাৰ হুংকাৰো দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

লগতে পঢ়ক: কলম্বিয়াৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মিগেল উৰিবেক আক্ৰমণ; মূৰ আৰু পিঠিত ৮টাকৈ গুলী নিক্ষেপ

শেহতীয়া প্ৰৱন্ধসমূহ