জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোনযোগে জি-৭ সন্মিলনলৈ আমন্ত্ৰণ জনাইছে । প্ৰধানমন্ত্ৰী মোদীয়ে এই আমন্ত্ৰণৰ বাবে সামাজিক মাধ্যম যোগে মাৰ্ক কাৰ্নীক ধন্যবাদ জ্ঞাপন কৰিছে । শীৰ্ষ সন্মিলনত তেওঁৰ সাক্ষাত পাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে । উল্লেখ্য যে, এইবাৰ জি-৭ শীৰ্ষ সন্মিলন ২০২৫ চনৰ ১৫ৰ পৰা ১৭ জুনলৈ কানাডাৰ আলবাৰ্টাৰ কানানাস্কিছত অনুষ্ঠিত হ’ব । এই সন্মিলনত আমেৰিকা, ফ্ৰান্স, ব্ৰিটেইন, জাপান, ইটালী, কানাডা আৰু জাৰ্মানীৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰিও ভাৰত, ব্ৰাজিল, মেক্সিকো, দক্ষিণ আফ্ৰিকা, ইউক্ৰেইন আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীকো এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে ।
Glad to receive a call from Prime Minister @MarkJCarney of Canada. Congratulated him on his recent election victory and thanked him for the invitation to the G7 Summit in Kananaskis later this month. As vibrant democracies bound by deep people-to-people ties, India and Canada…
— Narendra Modi (@narendramodi) June 6, 2025
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতে ফোনত বাৰ্তালাপ কৰি আনন্দিত হ’লো । শেহতীয়া নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো আৰু চলিত মাহৰ শেষৰ ফালে কানানাস্কিছত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাইছো ।” তেওঁ আৰু কয়, ভাৰত আৰু কানাডা দুয়োখন দেশ সজীৱ গণতন্ত্ৰ আৰু আমাৰ জনসাধাৰণৰ মাজত গভীৰ সম্পৰ্ক আছে । আমি পাৰস্পৰিক সন্মান আৰু ভাগ-বতৰা স্বাৰ্থৰ ওপৰত ভিত্তি কৰি নতুন শক্তিৰে একেলগে কাম কৰিম । জি-৭ শীৰ্ষ সন্মিলনত তেওঁক লগ পাবলৈ আগ্ৰহী ।
লগতে পঢ়ক : বিশ্বৰ সৰ্বোচ্চ দলঙত ত্ৰিৰংগা উৰুৱালে প্ৰধানমন্ত্ৰী মোদীয়ে; পাকিস্তানক দিলে সকিয়নী