জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোনযোগে জি-৭ সন্মিলনলৈ আমন্ত্ৰণ জনাইছে । প্ৰধানমন্ত্ৰী মোদীয়ে এই আমন্ত্ৰণৰ বাবে সামাজিক মাধ্যম যোগে মাৰ্ক কাৰ্নীক ধন্যবাদ জ্ঞাপন কৰিছে । শীৰ্ষ সন্মিলনত তেওঁৰ সাক্ষাত পাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে । উল্লেখ্য যে, এইবাৰ জি-৭ শীৰ্ষ সন্মিলন ২০২৫ চনৰ ১৫ৰ পৰা ১৭ জুনলৈ কানাডাৰ আলবাৰ্টাৰ কানানাস্কিছত অনুষ্ঠিত হ’ব । এই সন্মিলনত আমেৰিকা, ফ্ৰান্স, ব্ৰিটেইন, জাপান, ইটালী, কানাডা আৰু জাৰ্মানীৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰিও ভাৰত, ব্ৰাজিল, মেক্সিকো, দক্ষিণ আফ্ৰিকা, ইউক্ৰেইন আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীকো এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে ।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতে ফোনত বাৰ্তালাপ কৰি আনন্দিত হ’লো । শেহতীয়া নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো আৰু চলিত মাহৰ শেষৰ ফালে কানানাস্কিছত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাইছো ।” তেওঁ আৰু কয়, ভাৰত আৰু কানাডা দুয়োখন দেশ সজীৱ গণতন্ত্ৰ আৰু আমাৰ জনসাধাৰণৰ মাজত গভীৰ সম্পৰ্ক আছে । আমি পাৰস্পৰিক সন্মান আৰু ভাগ-বতৰা স্বাৰ্থৰ ওপৰত ভিত্তি কৰি নতুন শক্তিৰে একেলগে কাম কৰিম । জি-৭ শীৰ্ষ সন্মিলনত তেওঁক লগ পাবলৈ আগ্ৰহী ।
লগতে পঢ়ক : বিশ্বৰ সৰ্বোচ্চ দলঙত ত্ৰিৰংগা উৰুৱালে প্ৰধানমন্ত্ৰী মোদীয়ে; পাকিস্তানক দিলে সকিয়নী









