কইনা হ’ল তৃণমূল সাংসদ মহুৱা মৈত্ৰ
বিবাহপাশত আৱদ্ধ হ’ল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ । বিজু জনতা দলৰ প্ৰাক্তন সাংসদ পিনাকী মিশ্ৰৰ সৈতে ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয় তৃণমূল সাংসদগৰাকী । জাৰ্মানীত অনুষ্ঠিত হয় এই বিবাহ অনুষ্ঠান ।
৩ মে’ত পিনাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মহুৱা । পিনাকী বিজু জনতা দলৰ পৰা চাৰিবাৰকৈ সাংসদ হিচাবে নিৰ্বাচিত হৈছে । ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হয় তেওঁ । ইয়াৰ পিছত ২০০৯ চনৰ পৰা ২০১৯ চনলৈ তেওঁ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে ।
মহুৱা আৰু পিনাকীৰ বিয়াৰ ভাইৰেল ফটোখনত দুয়োজনে ইজনে সিজনৰ হাতত ধৰি থকা দেখা গৈছে । এই সময়ত মহুৱাই সোণৰ অলংকাৰ আৰু পাতল গোলাপী ৰঙৰ শাৰী পৰিধান কৰিছে । অৱশ্যে বিবাহ সন্দৰ্ভত দুয়োৰে পৰা এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই ।
১৯৭৪ চনৰ ১২ অক্টোবৰত অসমত জন্মগ্ৰহণ কৰা মহুৱাই বিনিয়োগ বেংকাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে । ২০১০ চনত মমতা বেনাৰ্জীৰ টি এম চিত যোগদান কৰা মহুৱা মৈত্ৰ ২০১৯ চনত প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হয় । ইয়াৰ পিছত ২০২৪ চনতো সাংসদ নিৰ্বাচিত হয় তেওঁ । শক্তিশালী ভাষণৰ বাবে জনপ্ৰিয় মাহুৱা বংগৰ কৃষ্ণনগৰৰ দুবাৰৰ সাংসদ ।
কোন হয় মহুৱা মৈত্ৰৰ স্বামী ?
মহুৱা মৈত্ৰৰ স্বামী পিনাকী মিশ্ৰ বি জে ডিৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা । ১৯৫৯ চনত জন্মগ্ৰহণ কৰা পিনাকীয়ে তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী ব্ৰজেশ কিশোৰ ত্ৰিপাঠীক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হৈছিল ।
পিনাকী উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা । প্ৰায় তিনি দশকৰ ৰাজনৈতিক আৰু আইনীৰ দীঘলীয়া কেৰিয়াৰ আছে তেওঁৰ । তেখেত বহু হাই প্ৰফাইল কমিটীৰো সদস্য হৈ আহিছে ।
লগতে পঢ়ক : বাস্তৱ জীৱনত কইনা হ’ল অভিনেত্ৰী হিনা খান; প্ৰেমিক ৰকিৰ সৈতে গোপনে কৰালে বিয়া