অধিক ভয়াৱহ হৈ পৰিছে উত্তৰ-পূবৰ বান পৰিস্থিতি
নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন প্ৰান্তত বানে লৈছে ভয়ংকৰ ৰূপ । অসমৰ ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি ১৫খনতকৈয়ো অধিক সৰু-ডাঙৰ নদী বিপদ সীমাৰ ওপৰেৰে বৈছে । বহু ৰাজ্যৰ এক বৃহৎ এলেকা বানৰ কবলত পৰিছে । এই দুৰ্যোগত প্ৰায় ৭ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে । হাজাৰ হাজাৰ ঘৰ ধ্বংস হৈছে বা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । সহস্ৰাধিক লোকে সাহায্য শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে । বানত এই পৰ্যন্ত ৪৩ জন লোকে প্ৰাণ হেৰুৱাইছে ।
অসম আৰু মেঘালয়ত দেখা গৈছে প্ৰকৃতিৰ ধ্বংসলীলা । দুয়োখন ৰাজ্যতে বান পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে । অসমৰ ২১খন জিলা বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৬.৩২ লাখৰো অধিক লোক প্ৰভাৱিত হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ ১১খন জিলাত ধুমুহা আৰু বৰষুণৰ য়েল্ল এলাৰ্ট জাৰি কৰিছে । বানত পথ, ৰে’ল আৰু ফেৰী সেৱাত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ।
৫ জুনলৈকে উত্তৰ-পূবত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা-
সময়তকৈ প্রায় আঠ দিন আগত আহি দক্ষিণ-পশ্চিম বাৰিষা স্তব্ধ হৈ পৰিছে ৷ এতিয়া ১১ জুনৰ পৰা পুনৰ গতি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ইফালে বাৰিষা য’তেই উপনীত হৈছে তাতেই প্ৰচণ্ড বৰষুণ হৈছে । ইয়াৰ ভিতৰত দক্ষিণ ভাৰতৰ কেৰালা আৰু অন্ধ্ৰপ্ৰদেশকে ধৰি উত্তৰ-পূবৰ সকলো ৰাজ্যকে ধৰি বিশেষকৈ উত্তৰ-পূবৰ ক্ষতি হৈছে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলত ৫ জুনলৈকে বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে । ইয়াৰ ফলত বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে ।
ছিকিমত ১৭০০ লোকক স্থানান্তৰ-
ছিকিমত ভূমিস্খলনৰ ফলত আবদ্ধ হৈ থকা ৩৪ জন লোকক দুখন মি-১৭ ভি৫ হেলিকপ্টাৰেৰে ওচৰৰ পাকয়ং বিমানবন্দৰলৈ স্থানান্তৰ কৰা হয় । এই পৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা ১৭০০ লোকক স্থানান্তৰ কৰা হৈছে ।
জোৱান আৰু পৰ্যটকৰ সন্ধান অব্যাহত-
ছিকিমৰ লাচেন চহৰৰ ছাটেনত থকা সেনা শিবিৰত ভূমিস্খলনৰ ফলত নিৰুদ্দেশ হোৱা ৬জন জোৱানৰ সন্ধান তীব্ৰতৰ হৈ পৰিছে । এই অভিযানত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ২৩ জনীয়া এটা দলো মোতায়েন কৰা হৈছে । একে সময়তে উফন্দি উঠা তীস্তা নদীত গাড়ীসহ উটুৱাই নিয়া আঠজন লোকৰ সন্ধানো তীব্ৰতৰ কৰি তোলা হৈছে । ২৯ মে’ৰ নিশা ১০০০ ফুট তলত নদীত বাগৰি পৰে বাহনখন । ইয়াত ১১ জন লোক আছিল, ইয়াৰে দুজন লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে, আনহাতে এজনৰ মৃত্যু হৈছে, বাকীসকল এতিয়াও সন্ধানহীন হৈ আছে ।
মিজোৰামঃ ১০ দিনত ৫ জন লোকৰ মৃত্যু
বৰষুণ আৰু বানপানীৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে মিজোৰাম । বিগত ১০ দিনত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ৫৫২টা ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ লগতে ১৫২টা ঘৰৰ ক্ষতিসাধন হৈছে । এই ঘটনাত ৫ জন লোকে প্ৰাণ হেৰুৱাইছে । ভূমিস্খলনৰ ফলত ১৯৮টা পৰিয়ালে ঘৰ এৰি থৈ গৈছে আৰু আন ৯২টা পৰিয়াল বানপানীৰ বাবে স্থানান্তৰ হৈছে । ৰাজ্যখনৰ ১১খন জিলা বানত ক্ষতিগ্ৰস্ত হৈছে । বৰষুণৰ বাবে মঙলবাৰে পঞ্চম দিনৰ বাবে ১০খন জিলাৰ বিদ্যালয় বন্ধ হৈ থাকে ।
সাহায্য শিবিৰত ৩১,২১২ জন লোক-
অসমতো বান পৰিস্থিতি জটিল হৈ পৰিছে । ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ১৬৫টা সাহায্য শিবিৰ আৰু ১৫৭টা সাহায্য বিতৰণ কেন্দ্ৰ পৰিচালনা কৰি থকা হৈছে । ৩১,২১২ জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈছে । বানাক্ৰান্ত লোকসকলৰ মাজত খাদ্যৰ পেকেট আৰু পানীৰ বটল বিতৰণ কৰা হৈছে ।
মণিপুৰত ১.৬৪ লাখ লোক আক্ৰান্ত-
মণিপুৰত বান পৰিস্থিতি এ লৈছে জটিল ৰূপ । ক্ষতিগ্ৰস্ত হোৱা লোকৰ সংখ্যা ১.৬৪ লাখলৈ বৃদ্ধি পাইছে । ৩৫,১৪৩টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে । বানপীড়িত কমেও ৩,৯১৭ জন লোকক স্থানান্তৰ কৰাৰ বিপৰীতে ৭৭টা সাহায্য শিবিৰ মুকলি কৰা হৈছে ।
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ-
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম আৰু ছিকিমৰ মুখ্যমন্ত্ৰী আৰু মণিপুৰৰ ৰাজ্যপালৰ সৈতে বাৰ্তালাপ কৰি বান পৰিস্থিতিৰ বুজ লয় আৰু সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে । তথ্য অনুসৰি উত্তৰ-পূব অঞ্চলৰ বানপানী আৰু ভূমিস্খলনৰ ফলত অসমত ১৭ জন, অৰুণাচলত ১১ জন, মেঘালয়ত ৬ জন, মিজোৰামত ৫ জন, ছিকিমত ৩ জন আৰু ত্ৰিপুৰাত ১ জন লোকৰ মৃত্যু হৈছে ।
লগতে পঢ়ক : ‘চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে কি হ’ব’; পাকিস্তানৰ ভাবুকিৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ