WhatsApp

সাৱধান!; এইকেইটা স্মাৰ্টফোনত আজিৰে পৰা নচলিব WhatsApp

স্মাৰ্টফোনত নচলিব WhatsApp WhatsApp ব্যৱহাৰকাৰী সকলৰ বাবে এটা ডাঙৰ খবৰ আহিছে। ১ জুন অৰ্থাৎ আজিৰে পৰা বহু নতুন নিয়ম কাৰ্যকৰী হ’ব। যদি আপোনাৰ এটা পুৰণি স্মাৰ্টফোন আছে আৰু আপুনি WhatsApp ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহিছে। দৰাচলতে ২০২৫ চনৰ ১ জুনৰ পৰা

স্মাৰ্টফোনত নচলিব WhatsApp

WhatsApp  ব্যৱহাৰকাৰী সকলৰ বাবে এটা ডাঙৰ খবৰ আহিছে। ১ জুন অৰ্থাৎ  আজিৰে পৰা বহু নতুন নিয়ম কাৰ্যকৰী হ’ব।

যদি আপোনাৰ এটা পুৰণি স্মাৰ্টফোন আছে আৰু আপুনি WhatsApp ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহিছে।

দৰাচলতে ২০২৫ চনৰ ১ জুনৰ পৰা বহু এণ্ড্ৰইড আৰু আই অ’ এছ অৰ্থাৎ আইফোনত হোৱাটছএপে কাম কৰা বন্ধ হ’বলৈ গৈ আছে।

এনে পৰিস্থিতিত হঠাতে আপোনাৰ ফোনত হোৱাটছএপ বন্ধ হৈ গ’লে ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।গতিকে এতিয়াই সাৱধান হওক আপুনি।

আপোনালোকক জনাও যে, ১ জুন ২০২৫ ৰ পৰা বহু Samsung আৰু Iphones ত হোৱাটছএপে কাম কৰা বন্ধ কৰিব।

ইয়াৰ পূৰ্বে মেটাই ২০২৫ চনৰ মে’ মাহৰ সময়সীমা দিছিল যদিও, পিছলৈ ইয়াৰ সময় বৃদ্ধি কৰা হ’ল। মেটাৰ এই সিদ্ধান্তই মোবাইল ব্যৱহাৰকাৰীসকলক ফোন সলনি কৰিবলৈ অতিৰিক্ত সময় দিয়া হৈছিল।

জানিব পৰা মতে, ১ জুনৰ পৰা সেইবোৰ আইফোনত WhatsApp কাম নকৰিব যিসকলে এতিয়াও iOS 15 বা পুৰণি সংস্কৰণত চলি আছে।

যদি আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোন এণ্ড্ৰইড ৫.০ বা পুৰণি সংস্কৰণত চলি আছে তেন্তে ইয়াটো হোৱাটছএপে কাম নকৰে।

এই আইফোনসমূহত হোৱাটছএপে নকৰিব কাম

Ipone  5s, iPhone 6, iPhone 6 Plus, iPhone 6s, iPhone 6s Plus

এই কেইটা এণ্ড্ৰইড স্মাৰ্টফোনত হোৱাটছএপে নকৰিব কাম

Samsung Galaxy S4, Samsung Galaxy Note 3, Sony Xperia Z1, LG G2, Moto G (1st Gen)

যদি আপোনাৰ লগতো এই কেইটা মোবাইল আছে আৰু যদি আপুনি ইয়াত WhatsApp ব্যৱহাৰ কৰি আছে তেন্তে আপুনি সজাগ হোৱাটো প্ৰয়োজন।তৎক্ষণাত সলনি কৰক আপোনাৰ ফোনটো ।

লগতে পঢ়ক: ‘ইয়াৰ পিছত আৰু একোৱেই বাকী নাথাকিব…’; মহাভাৰতেই হ’ব নেকি আমিৰ খানৰ শেষৰখন ছবি

শেহতীয়া প্ৰৱন্ধসমূহ