২০২৬ চনত মমতা চৰকাৰক উভালি পেলাম
ৰবিবাৰে কলকাতাত বিজেপি কৰ্মীসকলৰ বৈঠকত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডাঙৰ বক্তব্য আগবঢ়ায়।অমিত শ্বাহে কয় যে সমগ্ৰ বংগই ৱাকফৰ সমৰ্থনত আছে।
ৱাকফ আইনৰ প্ৰতিবাদত মুৰ্ছিদাবাদত যি হিংসা সংঘটিত হৈছিল সেয়া আছিল ৰাজ্যৰ পৃষ্ঠপোষকতাত হোৱা হিংসা।অমিত শ্বাহে কয় যে বংগত দেশপ্ৰেমিক চৰকাৰ গঠন হোৱাটো দেশৰ ইচ্ছা।
আমি ২০২৬ চনত মমতা চৰকাৰক উভালি পেলাম।অমিত শ্বাহে লগতে কয় যে মমতা বেনাৰ্জীয়ে অপাৰেচন সিন্দুৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।
মমতা চৰকাৰে বংগক অনুপ্ৰৱেশ, অপৰাধৰ দেশলৈ ৰূপান্তৰিত কৰিছেঃ অমিত শ্বাহ
ভাষণত অমিত শ্বাহে কয় যে, “বছৰ বছৰ ধৰি বংগত কমিউনিষ্টৰ শাসন আছিল।ইয়াৰ পিছত মমতা বেনাৰ্জীয়ে ‘মা, মাটি, মনুষ’ শ্লোগান দি আহিছিল”।
“তেওঁ বংগৰ মহান ভূমিত অনুপ্ৰৱেশ কৰিছিল,নাৰীৰ ওপৰত অত্যাচাৰ, অপৰাধ, বোমা বিস্ফোৰণ আৰু হিন্দুৰ সৈতে অনৈতিকতাৰ দেশলৈ ৰূপান্তৰিত কৰিলে”।
মমতাৰ শাসন কালত বংগত শ শ বিজেপি কৰ্মী নিহত হৈছিলঃ অমিত শ্বাহ
অমিত শ্বাহে আৰু কয় যে “মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী হোৱাৰ পিছত পশ্চিমবংগত শ শ বিজেপি কৰ্মীক হত্যা কৰা হৈছিল।দিদি মোৰ কথা শুনা, তোমাৰ সময় এতিয়া শেষ। ২০২৬ চনত বংগত বিজেপিয়ে চৰকাৰ গঠন কৰিব।”
বংগত আমি বিজেপি চৰকাৰ গঠন কৰিম: অমিত শ্বাহ
বিজেপি কৰ্মীসকলৰ বৈঠকত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, “পশ্চিম বংগত আমি বিজেপি চৰকাৰ গঠন কৰিব লাগিব, অনুপ্ৰৱেশ বন্ধ কৰিব লাগিব, দুৰ্নীতি বন্ধ কৰিব লাগিব, হিন্দুৰ পলায়ন বন্ধ কৰিব লাগিব।”
লগতে পঢ়ক: উত্তৰ-পূবত প্ৰকৃতিৰ কালৰূপ… বান আৰু ভূমিস্খলনৰ ফলত ২৫ জনৰ মৃত্যু