শুভমান গীল নে হাৰ্ডিক পাণ্ডিয়া
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ এলিমিনেটৰ মেচত আজি গুজৰাট টাইটানছ (জি টি) আৰু মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ মাজত মুখামুখি হ’ব।
দুয়োটা দলৰ মাজত এই খেলখন মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব।
এই মেচত গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে থাকিব শুভমান গীল।একে সময়তে মুম্বাই ইণ্ডিয়ানছৰ বাঘজৰী হাৰ্ডিক পাণ্ডিয়াৰ কান্ধত থাকিব।
বিজয়ী দলটোৱে কোৱালিফায়াৰ-২ত খেলিব
এই মেচখনৰ বিজয়ী দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰত পঞ্জাব কিংছ (পিবিকেএছ)ৰ বিৰুদ্ধে খেলিব।আনহাতে পৰাজিত দলটো বাহিৰ হ’ব।
কোৱালিফায়াৰ-২ মেচখন অহা ১ জুনত (দেওবাৰ) আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।প্ৰথম কোৱালিফায়াৰত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।
আই পি এল ২০২৫ৰ পইণ্ট টেবুলৰ এটা সময়ত গুজৰাট টাইটানছৰ শীৰ্ষ ২ৰ স্থান নিশ্চিত যেন লাগিছিল, কিন্তু যোৱা ২ খন মেচত পৰাস্ত হোৱাৰ বাবে পইণ্ট টেবুলত তৃতীয় স্থানত থাকিল।
একে সময়তে মুম্বাই ইণ্ডিয়ানছে প্ৰাৰম্ভিক মেচসমূহত দুৰ্বল প্ৰদৰ্শন আৰু চতুৰ্থ স্থান দখল কৰি প্লে অফত প্ৰৱেশ কৰে।
এই পৰ্যন্ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত ৭খন খেল খেলিছে।এই সময়ছোৱাত গুজৰাট টাইটানছৰ ৫খন খেলত জয়লাভ কৰে।খেল খনৰ বাবে হাৰ্ডিক পাণ্ডিয়া আৰু শুভমন গীল চিন্তিত হৈ পৰিছে।
আনহাতে মুম্বাই ইণ্ডিয়ানছ দুখন মেচত বিজয়ী হয়।চলিত ছিজনত তৃতীয়বাৰৰ বাবে দুয়োটা দলৰ মুখামুখি হৈছে।এই ছিজনৰ আৰম্ভণিতে দুয়োটা দলৰ মাজত খেলা দুখন মেচত জয়লাভ কৰিছিল গুজৰাট টাইটানছ।