৯ বছৰৰ পিছত ফাইনেলত প্ৰৱেশ RCBৰ
দুৰ্দান্ত প্ৰদৰ্শনেৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিছে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰে।
২৯ মে’ বৃহস্পতিবাৰে মুলানপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত আৰচিবিয়ে পঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰে
মেচখনত আৰ চি বিক জয়ৰ বাবে ১০২ ৰানৰ লক্ষ্য বান্ধি দিয়া হৈছিল, যিটো মাত্ৰ ১০ অভাৰতে দলটোৱে লাভ কৰিছিল।
চতুৰ্থবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু।ইয়াৰ পূৰ্বে ২০০৯, ২০১১ আৰু ২০১৬ ছিজনত ফাইনেলত প্ৰৱেশ কৰিছিল।
২০১৬ চনত বিৰাট কোহলীৰ অধিনায়কত্বত আৰচিবিয়ে শেষবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছিল।অৱশ্যে তিনিওবাৰেই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰ চি বি।
লক্ষ্য খেদি ফুৰাৰ সময়ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ আৰম্ভণি ভাল নহ’ল আৰু ৩০ ৰানৰ স্ক’ৰত প্ৰথমটো বিপৰ্যয় লাভ কৰে।বিৰাট কোহলী বেগী বলাৰ কাইল জেমিছনে উইকেটৰক্ষক জোছ ইংলিছৰ হাতত আউট হয়।
কোহলীয়ে ১০০ ষ্ট্ৰাইক ৰেটত আৰু দুটা চাৰিৰ সহায়ত ১২ ৰান সংগ্ৰহ কৰে।কোহলীৰ আউট হোৱাৰ পিছত ফিল ছল্ট আৰু ইমপেক্ট চাব মায়ংক আগৰৱালৰ মাজত ৫৪ ৰানৰ অংশীদাৰিত্ব আছিল, যিয়ে মেচখন সম্পূৰ্ণৰূপে পঞ্জাব কিংছৰ পৰা কাঢ়ি লৈ গ’ল।
পঞ্জাৱ কিংছৰ বেটছমেনৰ লজ্জাজনক প্ৰদৰ্শন
টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ১৪.১ অভাৰত মাত্ৰ ১০১ ৰান সংগ্ৰহ কৰি পঞ্জাৱ কিংছৰ সমগ্ৰ দলটো ঢলি পৰে।পাঞ্জাব কিংছৰ আৰম্ভণি বেয়া আছিল আৰু পাৱাৰপ্লেতে ৪ উইকেট হেৰুৱাইছিল।
দ্বিতীয় অভাৰতে তেওঁলোকৰ প্ৰথমটো উইকেট পৰিল, যশ দয়ালে প্ৰিয়ংশ আৰ্য্যক (৭ ৰান) আউট কৰে।তাৰ পাছত ভুৱনেশ্বৰ কুমাৰেও দ্বিতীয় অ’পেনাৰ প্ৰভ্সীৰ্মান সিঙক (১৮ ৰান) পেভিলিয়নলৈ প্ৰেৰণ কৰে।
খেলুৱৈৰ পৰা অনুৰাগীলৈকে এতিয়া সকলোৱে আৰ চি বিয়ে ট্ৰফীটো লোৱাৰ বাবে অপেক্ষা কৰি আছে, যিটো এই দল আৰু তেওঁলোকৰ অনুৰাগীসকলে যোৱা ১৭টা ছিজনৰ পৰা অপেক্ষা কৰি আহিছে।