কোৱাৰেণ্টাইনত শুভাংশু শুক্লা
২০২৫ চনৰ ২৬ মে’ত AX-4ৰ দলটোৱে ফ্ল’ৰিডাত উপস্থিত হৈ দুসপ্তাহৰ কোৱাৰেণ্টাইনৰ সময়সীমা আৰম্ভ কৰে। তেওঁলোকৰ প্ৰথম দিনটো ইতিমধ্যে শেষ হৈছে।
এই অভিযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ দিশে আগবাঢ়িব, যিটো এক্সিয়াম স্পেচ, স্পেচএক্স আৰু নাছাই যৌথভাৱে সম্পূৰ্ণ কৰিব।
২০২৫ চনৰ ৮ জুন বা তাৰ আগতে ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা এই অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
এই অভিযান ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ বাবে ঐতিহাসিক, কাৰণ এই দেশসমূহৰ ৪০ বছৰতকৈও অধিক সময়ৰ পিছত চৰকাৰী পৃষ্ঠপোষকতাত প্ৰথম মহাকাশ ভ্ৰমণ।
এই অভিযানৰ উদ্দেশ্য আৰু গুৰুত্ব
AX-4 মিছনটো ISS ত প্ৰায় দুইৰ পৰা তিনি সপ্তাহলৈকে থাকিব, য’ত ক্ৰুৱে বৈজ্ঞানিক পৰীক্ষা, কাৰিকৰী প্ৰদৰ্শন আৰু শৈক্ষিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
এই পৰীক্ষাসমূহৰ ভিতৰত মাইক্ৰ’গ্ৰেভিটিৰ প্ৰভাৱ অধ্যয়ন, নতুন প্ৰযুক্তি পৰীক্ষা, পৃথিৱীৰ পৰ্যবেক্ষণ আদি অন্তৰ্ভুক্ত।
এই অভিযানত প্ৰায় ৬০টা গৱেষণামূলক কাৰ্য্যকলাপ আছে, যিয়ে ৩১খন দেশ যেনে ভাৰত, পোলেণ্ড, হাংগেৰী, চৌদি আৰব, ব্ৰাজিল, নাইজেৰিয়া, ইউ এ ই আৰু ইউৰোপৰ অন্যান্য দেশক প্ৰতিনিধিত্ব কৰে।
এই অভিযানে কেৱল বৈজ্ঞানিক আৱিষ্কাৰক প্ৰসাৰিত কৰাই নহয় মহাকাশত মানুহৰ উপস্থিতিও সম্প্ৰসাৰণ কৰিব।AXIOM স্পেচ ৱৰ্ল্ডৰ প্ৰথমটো বাণিজ্যিক মহাকাশ কেন্দ্ৰ, এক্সিয়ামে এই ষ্টেচনটো নিৰ্মাণ কৰি আছে, যিয়ে মাইক্ৰ’গ্ৰেভিটিৰ উদ্ভাৱন আৰু গৱেষণাক লাভান্বিত কৰিব।
কোৱাৰেণ্টাইনৰ সময়ছোৱা আৰু ইয়াৰ গুৰুত্ব
AX-4 দলটোৱে ফ্ল’ৰিডাত উপস্থিত হৈ দুসপ্তাহৰ কোৱাৰেণ্টাইন আৰম্ভ কৰে।২০২৫ চনৰ ২৫ মে’ত তেওঁলোকৰ প্ৰথম দিনটো সম্পূৰ্ণ হয়।
কোৱাৰেণ্টাইনৰ উদ্দেশ্য হৈছে ক্ৰুসকল যাতে সুস্থ হৈ থাকে।মিছনৰ সময়ত যাতে কোনো ৰোগত আক্ৰান্ত নহয়।এইটো এটা মানক পদ্ধতি যিয়ে মহাকাশ অভিযানৰ সুৰক্ষা আৰু সফলতা নিশ্চিত কৰে।
কোৱাৰেণ্টাইনৰ সময়ত ক্ৰুসকলক আছুতীয়াকৈ ৰখা হয়।তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় যাতে আন মহাকাশচাৰীৰ বাবে কোনো বিপদ নহয় আৰু আই এছ এছত পৰীক্ষা-নিৰীক্ষা কৰা হয়।
লগতে পঢ়ক: শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ; ১৯ মে’ত কৰা হৈছিল গ্ৰেপ্তাৰ