প্ৰধানমন্ত্ৰী মোদী
শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিটি আয়োগৰ দশম পৰিচালন পৰিষদৰ বৈঠক অনুষ্ঠিত হয় । নতুন দিল্লীত অনুষ্ঠিত হোৱা গভৰ্নিং কাউন্সিলৰ বৈঠকৰ বিষয়বস্তু আছিল ‘উন্নত ৰাজ্যৰ বাবে উন্নত ভাৰত @ ২০৪৭’ ।
বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি উন্নয়নৰ গতি বৃদ্ধি কৰিব লাগিব । যদি কেন্দ্ৰ আৰু সকলো ৰাজ্য একত্ৰিত হৈ টিম ইণ্ডিয়াৰ দৰে একেলগে কাম কৰে, তেন্তে কোনো লক্ষ্য অসম্ভৱ নহয় । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উন্নত ভাৰত প্ৰতিজন ভাৰতীয়ৰ লক্ষ্য । যেতিয়া প্ৰতিখন ৰাজ্যৰ বিকাশ হ’ব তেতিয়া ভাৰতৰ বিকাশ হ’ব । এয়া ১৪০ কোটি নাগৰিকৰ আকাংক্ষা ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতত নগৰায়ন দ্ৰুতগতিত ঘটিছে । আমি ভৱিষ্যতৰ বাবে সাজু চহৰৰ দিশত কাম কৰিব লাগিব । বৃদ্ধি, উদ্ভাৱন আৰু বহনক্ষমতা আমাৰ চহৰসমূহৰ উন্নয়নৰ ইঞ্জিন হ’ব লাগিব । ৰাজ্যসমূহে বিশ্বৰ মানদণ্ড অনুসৰি অন্ততঃ এটা পৰ্যটন স্থলী গঢ়ি তুলিব লাগে । সকলো সা-সুবিধা আৰু আন্তঃগাঁথনি তাতেই যোগান ধৰিব লাগে । এক ৰাজ্য- এক বিশ্বব্যাপী গন্তব্যস্থান । ইয়াৰ দ্বাৰা চুবুৰীয়া চহৰসমূহো পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিব ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি মহিলাসকলক আমাৰ কৰ্মশক্তিত অন্তৰ্ভুক্ত কৰাৰ দিশত কাম কৰা উচিত । আমি এনে আইন আৰু নীতি সৃষ্টি কৰিব লাগিব যাতে তেওঁলোকক কৰ্মশক্তিত সন্মানজনকভাৱে অন্তৰ্ভুক্ত কৰিব পৰা যাব । আমি এনেদৰে কাম কৰা উচিত যাতে ৰূপায়িত নীতিসমূহে সাধাৰণ নাগৰিকৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে । যেতিয়া মানুহে পৰিৱৰ্তন অনুভৱ কৰে তেতিয়াহে এই পৰিৱৰ্তন শক্তিশালী হৈ পৰে আৰু পৰিৱৰ্তনক আন্দোলনলৈ ৰূপান্তৰিত কৰে ।
তেওঁ কয় যে এটা দল হিচাপে আমি ১৪০ কোটি লোকৰ আকাংক্ষা পূৰণ কৰাৰ এক বৃহৎ সুযোগ পাইছো । আমি এটা লক্ষ্যত গুৰুত্ব দিয়া উচিত– ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত কৰি তোলা । আমাৰ লক্ষ্য হ’ব লাগে যে প্ৰতিখন ৰাজ্যৰ উন্নতি হওক, প্ৰতিখন চহৰৰ উন্নতি হওক, প্ৰতিখন পৌৰসভাৰ উন্নয়ন হওক আৰু প্ৰতিখন গাঁৱৰ উন্নয়ন হওক । যদি আমি এই ক্ষেত্ৰত কাম কৰো তেন্তে আমি এখন উন্নত ভাৰত হ’বলৈ ২০৪৭ চনলৈ অপেক্ষা কৰিব নালাগিব ।
নিটি আয়োগৰ সৰ্বোচ্চ সংস্থা এই পৰিষদত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপাল আৰু কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী থাকে । প্ৰধানমন্ত্ৰী মোদী হৈছে নিটি আয়োগৰ অধ্যক্ষ । অপাৰেচন সিন্দুৰৰ পিছত সকলো ৰাজ্যৰ মুখ্যমন্ত্রী আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালৰ সৈতে প্রধানমন্ত্রীৰ এইখন প্রথম বৃহৎ বৈঠক ৷ সাধাৰণতে প্ৰতি বছৰে সম্পূৰ্ণ পৰিষদৰ বৈঠক অনুষ্ঠিত হয় আৰু যোৱা বছৰ ২৭ জুলাইত অনুষ্ঠিত হৈছিল । পৰিষদৰ প্ৰথমখন বৈঠক ২০১৫ চনৰ ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ।
লগতে পঢ়ক : কামত নাহিব পৰমাণু বোমাৰ ভাবুকি… পাকিস্তানক পুনৰ সকীয়নি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে !