আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট
২০ জুনৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫খন মেচৰ হাই প্ৰফাইল টেষ্ট শৃংখলা। দুয়োখন দেশৰ মাজত এই টেষ্ট শৃংখলা ২০ জুনৰ পৰা ৪ আগষ্ট পৰ্যন্ত অনুষ্ঠিত হ’ব।
বিচিচিআইৰ বাছনি সমিতিয়ে ২০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবে কাইলৈ অৰ্থাৎ শনিবাৰে ইণ্ডিয়া টিমটোৰ ঘোষণা কৰিব ।
কিন্তু ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ পূর্বে এটা খবৰে হঠাৎ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আচলতে এই খবৰটো আহিছে নিউজিলেণ্ডৰ পৰা।
নিউজিলেণ্ডৰ এগৰাকী তাৰকা ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰাত ক্ৰিকেট অনুৰাগীৰ মাজত হতাশাৰ জোৱাৰ উঠিছে।
দৰাচলতে নিউজিলেণ্ডৰ অল ৰাউণ্ডাৰ হেলি জেনচেনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।হেলী জেনচেনৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ ১১ বছৰ ধৰি চলিছিল।
২০১৪ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ ফৰ্মেটত নিউজিলেণ্ড মহিলা দলৰ হৈ অভিষেক ঘটায় হেলী জেনচেনে।
২০১৮ চনত টি-২০ বিশ্বকাপৰ বাবে দলত নিৰ্বাচিত হোৱাৰ পিছত দলটোৰ নিয়মীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।নিউজিলেণ্ডৰ হৈ ৩৫খন এদিনীয়া আৰু ৫৩খন টি-২০ মেচকে ধৰি মুঠ ৮৮খন মেচ খেলিছিল হেলী জেনচেনে।এই সময়ছোৱাত তেওঁ ১৯৮৮ ৰান সংগ্ৰহ কৰি ৭৬টা উইকেট দখল কৰে।
নিউজিলেণ্ড ক্ৰিকেটক দিয়া এক বিবৃতিত হেলী জেনচেনে কয় যে, ‘যেতিয়া মোৰ বয়স ১০ বছৰ আছিল, প্ৰথম ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা উভতি অহাৰ পিছত মই সিদ্ধান্ত লৈছিলো যে মই নিউজিলেণ্ড ক্ৰিকেট দলৰ অংশ হ’ব বিচাৰো।সেই সপোন বাস্তৱায়িত হ’ল, তাৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিম।
লগতে পঢ়ক: ছলমান খানৰ নিৰাপত্তাত আসোঁৱাহ; ভাইজানৰ গেলেক্সিত সোমাল অচিনাক্ত মহিলা