অস্থিৰ বাংলাদেশ
পুনৰ অস্থিৰ বাংলাদেশ। ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশে দীৰ্ঘদিন ধৰি ৰাজনৈতিক অস্থিৰতাৰ মাজেৰে পাৰ হৈ আহিছে। শ্বেখ হাছিনা চৰকাৰৰ অভ্যুত্থানৰ পিছত বাংলাদেশ এতিয়াও সুস্থিৰ হ’ব পৰা নাই।
বৰ্তমান বাংলাদেশৰ কামাণ্ড অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ হাতত। কিন্তু ইয়াৰ পিছতো অস্থিৰ বাংলাদেশ।
এনে পৰিস্থিতিত বাংলাদেশৰ অন্তৱৰ্তীকালীন মুৰব্বী মহম্মদ ইউনুছে শীঘ্ৰে পদত্যাগ কৰিব পাৰে বুলি খবৰ আহিছে।
কিয় পদত্যাগ কৰাৰ কথা ভাবিছে মহম্মদ ইউনুছে?
বাংলাদেশত ফলপ্ৰসূভাৱে কাম কৰাটো মহম্মদ ইউনুছৰ বাবে ক্ৰমান্বয়ে কঠিন হৈ পৰিছে।ৰাজনৈতিক দলসমূহৰ মাজত কোনো একমত নহয়।
ৰাজনৈতিক অচলাৱস্থাক লৈ ক্ৰমাৎ হতাশাৰ সৃষ্টি হোৱাৰ বাবেই ইউনুছে পদত্যাগ কৰাৰ কথা চিন্তা কৰিছে বুলি জানিব পৰা গৈছে।
কিন্তু শেহতীয়াকৈ মহম্মদ ইউনুছ আৰু বাংলাদেশৰ সেনাধ্যক্ষৰ মাজত সংঘাতৰো খবৰ আহিছে। এনে পৰিস্থিতিত ইউনুছৰ পদত্যাগ এক ডাঙৰ পদক্ষেপ হ’ব পাৰে।
জানিব পৰা মতে মহম্মদ ইউনুছে এই বিষয়ে চিন্তা কৰি আছে।কাৰণ তেওঁ অনুভৱ কৰে যে বৰ্তমানৰ পৰিস্থিতি এনেকুৱা যে তেওঁ কাম কৰি যাব নোৱাৰে।”
লগতে পঢ়ক: ‘আপোনালোকে পানী বন্ধ কৰিলে, আমি উশাহ বন্ধ কৰিম’; PAK জেনেৰেলৰ ভাৰতলৈ ভাবুকি