পাকিস্তানৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দুৰ’ৰ পিছত ভাৰত আৰু তুৰ্কীৰ সম্পৰ্কৰ অৱনতি ঘটিছে । ভাৰতৰ বিৰুদ্ধে পাকিস্তানক সমৰ্থন কৰা দেশসমূহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে জনসাধাৰণে । পাকিস্তানক সমৰ্থন কৰা দেশসমূহক বৰ্জন কৰিছে দেশৰ জনসাধাৰণ তথা অনুষ্ঠান-প্ৰতিষ্ঠানে । এই সন্দৰ্ভত ভাৰতীয় শিক্ষানুষ্ঠান আৰু ব্যৱসায়ীসকলে তুৰ্কীৰ তীব্ৰ বিৰোধিতা কৰিছে ।
কেইবাখনো বিশ্ববিদ্যালয় আৰু ব্যৱসায়ীয়ে তুৰ্কীৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ লগতে শৈক্ষিক বুজাবুজিৰ চুক্তি স্থগিত ৰাখিছে । ভাৰত আৰু তুৰ্কীৰ মাজত ভূ-ৰাজনৈতিক উত্তেজনা আৰু ভাৰতৰ বিৰুদ্ধে পাকিস্তানক তুৰ্কীৰ মুকলি সমৰ্থনৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে ।
তুৰ্কী ড্ৰোন-
পাকিস্তানৰ বিৰুদ্ধে ভাৰতে চলোৱা ‘অপাৰেচন সিন্দুৰ’ত দেখা গ’ল যে তুৰ্কীয়ে ইছলামবাদক মুকলিকৈ সমৰ্থন কৰিছিল । ভাৰত-পাক যুদ্ধৰ সময়ত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে তুৰ্কী ড্ৰোন ব্যাপকভাৱে ব্যৱহাৰ কৰিছিল । যাৰ বাবে তুৰ্কীৰ বিৰুদ্ধে ভাৰতৰ ক্ষোভ বৃদ্ধি পাইছে । এই কাৰণেই ভাৰতীয় বিশ্ববিদ্যালয় আৰু ব্যৱসায়ীসকলে তুৰ্কীৰ শিক্ষানুষ্ঠানৰ সৈতে সম্পৰ্ক ভংগ কৰিছে আৰু ইয়াৰ লগতে শৈক্ষিক বুজাবুজিৰ চুক্তিসমূহো স্থগিত ৰখা হৈছে ।
ভাৰতৰ এই বিশ্ববিদ্যালয়সমূহে তুৰ্কীৰ সৈতে সম্পৰ্ক ভংগ কৰিলে-
-আই আই টি বম্বে
-আই আই টি ৰুৰকি
-লাভলী প্ৰফেশ্যনেল বিশ্ববিদ্যালয়(LPU)
-জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
-জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়
-শাৰদা বিশ্ববিদ্যালয়
-কানপুৰ বিশ্ববিদ্যালয়
-চণ্ডীগড় বিশ্ববিদ্যালয়
-মৌলানা আজাদ ৰাষ্ট্ৰীয় উৰ্দু বিশ্ববিদ্যালয় (MANUU)
কেৱল ভাৰতীয় বিশ্ববিদ্যালয়েই নহয়, ব্যৱসায়ীসকলেও অভিযানৰ সময়ত ভাৰতৰ বিৰুদ্ধে পাকিস্তানক সমৰ্থন কৰা দেশসমূহৰ বিৰুদ্ধে ক্ষোভ আৰু প্ৰতিবাদ প্ৰকাশ কৰিছে । মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ ব্যৱসায়ীসকলে তুৰ্কী আৰু আজাৰবাইজানৰ সৈতে বাণিজ্যিক সম্পৰ্ক সম্পূৰ্ণৰূপে সমাপ্ত কৰিছে । একে সময়তে বাংগালুৰু পাইকাৰী কাপোৰ ব্যৱসায়ী সংস্থাই (BWCMA) তুৰ্কী আৰু আজাৰবাইজানৰ সৈতে বস্ত্ৰ ব্যৱসায় বন্ধ কৰি দিছে ।