অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানক সমৰ্থন কৰাৰ বাবে তুৰ্কী বৰ্জন তীব্ৰতৰ হৈ পৰিছে । জামিয়া, জে এন ইউ আৰু এল পি ইউৰ পিছত দেশৰ অন্যান্য বিশ্ববিদ্যালয়সমূহেও তুৰ্কীৰ শিক্ষানুষ্ঠানসমূহৰ সৈতে শৈক্ষিক সম্পৰ্কৰ অন্ত পেলাইছে । শেহতীয়াকৈ নয়দাৰ শাৰদা বিশ্ববিদ্যালয় আৰু চণ্ডীগড় বিশ্ববিদ্যালয়েও বুজাবুজিৰ চুক্তি ভংগ কৰিছে ।
তুৰ্কীৰ দুখন বিশ্ববিদ্যালয় ইস্তানবুল আয়দিন বিশ্ববিদ্যালয় আৰু হাছান কালিয়নকু বিশ্ববিদ্যালয়ৰ সৈতে হোৱা একাডেমিক বুজাবুজিৰ চুক্তি বাতিল কৰিছে শাৰদা বিশ্ববিদ্যালয়ে । ইফালে চণ্ডীগড় বিশ্ববিদ্যালয়ে তুৰ্কী আৰু আজাৰবাইজানৰ ২৩খন বিশ্ববিদ্যালয়ৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছে ।
ভাৰত আৰু তুৰ্কীৰ মাজত ক্ৰমাৎ উত্তেজনা আৰু অপাৰেচন সিন্দুৰৰ পিছত তুৰ্কীৰ বিৰুদ্ধে দেশজোৰা বৰ্জন অভিযানৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ পূৰ্বে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, জামিয়া মিলিয়া ইছলামিয়া আৰু লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটিৰ দৰে প্ৰতিষ্ঠানে তুৰ্কীৰ সৈতে শৈক্ষিক সম্পৰ্কৰ অন্ত পেলাইছে ।
শাৰদা বিশ্ববিদ্যালয়ে জনোৱা অনুসৰি ৰাষ্ট্ৰীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । প্ৰতি বছৰে তুৰ্কীৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে শাৰদা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহে আৰু এই বুজাবুজি চুক্তিৰ অধীনত ছাত্ৰ-শিক্ষক বিনিময় কাৰ্যসূচী, যৌথ গৱেষণা আৰু সাংস্কৃতিক সহযোগিতাৰ প্ৰসাৰ ঘটিছিল । কিন্তু তুৰ্কীৰ দ্বাৰা পাকিস্তানক সমৰ্থন আৰু অপাৰেচন সিন্দুৰক গৰিহণা দিয়াৰ পিছত ভাৰতত তুৰ্কীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বৰ্জন চলি আছে ।
তুৰ্কীৰ সামগ্ৰী, পৰ্যটন আৰু শৈক্ষিক সহযোগিতাৰ বিৰুদ্ধে বৰ্জনৰ ঢৌ সমগ্ৰ দেশতে দেখা গৈছে । শাৰদা বিশ্ববিদ্যালয়ৰ এই পদক্ষেপ বাণিজ্যিক সংস্থা, পৰ্যটন সংস্থা আৰু সামাজিক মঞ্চৰ দ্বাৰা সমৰ্থিত অভিযানৰ অংশ । তুৰ্কী আৰু আজাৰবাইজানৰ সৈতে সকলো বাণিজ্যিক সম্পৰ্ক বন্ধ কৰিবলৈ আহ্বান জনাইছে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে আৰু ১২৫ জনতকৈ অধিক ব্যৱসায়িক নেতাই এই বৰ্জনৰত যোগদান কৰিছে ।