নিশা এয়াক ষ্ট্ৰাইক, পুৱা ৱাটাৰ ষ্ট্ৰাইক; পুনৰ চেনাব নদীৰ বাগলীহাৰ বান্ধৰ গেট মুকলি ভাৰতৰ

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ মাজতে কেইবাখনো বান্ধৰ গেট মুকলি কৰি দিছে ভাৰতে। ভাৰতবৰ্ষই প্ৰথমে সিন্ধু নদীৰ পানী বন্ধ কৰি দিছিল, ইয়াৰ পিছত চেনাব নদীৰ বাগলীহাৰ আৰু চালাল বান্ধ বন্ধ কৰি দিছিল। যাৰ বাবে শুকাই গৈছিল চেনাব নদী। কিন্তু শনিবাৰে পুৱা জম্মু-কাশ্মীৰৰ ছেনাব নদীৰ বগলীহাৰ

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ মাজতে কেইবাখনো বান্ধৰ গেট মুকলি কৰি দিছে ভাৰতে। ভাৰতবৰ্ষই প্ৰথমে সিন্ধু নদীৰ পানী বন্ধ কৰি দিছিল, ইয়াৰ পিছত চেনাব নদীৰ  বাগলীহাৰ আৰু চালাল বান্ধ বন্ধ কৰি দিছিল।

যাৰ বাবে শুকাই গৈছিল চেনাব নদী। কিন্তু শনিবাৰে পুৱা জম্মু-কাশ্মীৰৰ ছেনাব নদীৰ বগলীহাৰ বান্ধৰ গেট মুকলি কৰিলে ভাৰতে। ইয়াৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে।

দৰাচলতে যোৱা সপ্তাহতহে চেনাব নদীৰ পানী ভাৰতে বন্ধ কৰি দিছিল।কিন্তু শেহতীয়াকৈ জম্মু-কাশ্মীৰত হোৱা বৰষুণৰ ফলত জলপৃষ্ঠ বৃদ্ধি পাইছিল।

ইয়াৰ পিছতে ৰামবনৰ চেনাব নদীত নিৰ্মিত বাগলীহাৰ জলবিদ্যুৎ প্ৰকল্পৰ মথাউৰিৰ দুখন গেট মুকলি কৰা হৈছে।