নিশা এয়াক ষ্ট্ৰাইক, পুৱা ৱাটাৰ ষ্ট্ৰাইক; পুনৰ চেনাব নদীৰ বাগলীহাৰ বান্ধৰ গেট মুকলি ভাৰতৰ

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ মাজতে কেইবাখনো বান্ধৰ গেট মুকলি কৰি দিছে ভাৰতে। ভাৰতবৰ্ষই প্ৰথমে সিন্ধু নদীৰ পানী বন্ধ কৰি দিছিল, ইয়াৰ পিছত চেনাব নদীৰ  বাগলীহাৰ আৰু চালাল বান্ধ বন্ধ কৰি দিছিল।

যাৰ বাবে শুকাই গৈছিল চেনাব নদী। কিন্তু শনিবাৰে পুৱা জম্মু-কাশ্মীৰৰ ছেনাব নদীৰ বগলীহাৰ বান্ধৰ গেট মুকলি কৰিলে ভাৰতে। ইয়াৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে।

দৰাচলতে যোৱা সপ্তাহতহে চেনাব নদীৰ পানী ভাৰতে বন্ধ কৰি দিছিল।কিন্তু শেহতীয়াকৈ জম্মু-কাশ্মীৰত হোৱা বৰষুণৰ ফলত জলপৃষ্ঠ বৃদ্ধি পাইছিল।

ইয়াৰ পিছতে ৰামবনৰ চেনাব নদীত নিৰ্মিত বাগলীহাৰ জলবিদ্যুৎ প্ৰকল্পৰ মথাউৰিৰ দুখন গেট মুকলি কৰা হৈছে।

চেনাব নদীত নিৰ্মিত ছালাল বান্ধৰ সকলো গেট বন্ধ; পাকিস্তানলৈ সম্পূৰ্ণৰূপে বন্ধ কৰিলে পানী

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ধাৰাবাহিকভাৱে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আহিছে।প্ৰথমে ভাৰতে সিন্ধু জল সন্ধি শেষ কৰি সিন্ধু নদীৰ পানী পাকিস্তানলৈ যোৱা বন্ধ কৰি দিলে।

এতিয়া ভাৰতে চেনাব নদীৰ পানীও বন্ধ কৰি দিছে।ভাৰতে চেনাব নদীৰ ওপৰত থকা বাগলীহাৰ বান্ধ আৰু ছালাল বান্ধ বন্ধ কৰি দিছে।

এই বান্ধ সমূহ বন্ধ কৰি দিয়াৰ ফলত এতিয়া ইয়াৰ পৰা যোৱা নদীখন সম্পূৰ্ণৰূপে শুকাই গৈছে, যাৰ ভিডিঅ’ও পোহৰলৈ আহিছে।ভিডিঅ’টোত দেখা গৈছে যে চেনাব নদীৰ জলপৃষ্ঠ যথেষ্ট হ্ৰাস পাইছে।

আচলতে জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত নিৰ্মাণ কৰা হৈছে ছালাল বান্ধ।এই বান্ধটো চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে।একে সময়তে ভাৰতে ছালাল বান্ধৰ সকলো গেট বন্ধ কৰি দিছে।

ছালাল বান্ধৰ আটাইকেইটা গেট বন্ধ কৰাৰ পিছত ৰিয়াছি জিলাৰ চেনাব নদীৰ জলপৃষ্ঠ যথেষ্ট হ্ৰাস পাইছে।বহু ঠাইত চেনাব নদী শুকাই গৈছে।

ইয়াৰ আগতে ভাৰতে চেনাব নদীৰ বাগলীহাৰ মথাউৰিৰ পৰা পানী বন্ধ কৰি দিছিল।একে সময়তে ভাৰতে এতিয়া ঝেলুম নদীৰ ওপৰত নিৰ্মিত কিশনগংগা বান্ধৰ ক্ষেত্ৰতো একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে।