দিল্লীত প্ৰধানমন্ত্ৰী মোদী আৰু এন এছ এ ডোভালৰ বৈঠক; যুদ্ধৰ মক ড্ৰিলৰ পূৰ্বে সমগ্ৰ দেশজুৰি এলাৰ্ট

ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ পৰিপ্ৰেক্ষিতত দিল্লীত অব্যাহত আছে ধাৰাবাহিক বৈঠক।ইয়াৰ লগতে আক্ৰমণৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ ​​অৰ্থাৎ ৭ মে’ত সমগ্ৰ দেশৰ ২৫৯ টা ঠাইত জৰুৰী ম’ক ড্ৰিল কৰা হ’ব, য’ত জৰুৰীকালীন প্ৰস্তুতিৰ পৰীক্ষণ কৰা হ’ব। উত্তেজনাৰ মাজতে দুয়োখন দেশে নিজ পৰ্য্যায়ত প্ৰস্তুতি

ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ পৰিপ্ৰেক্ষিতত দিল্লীত অব্যাহত আছে ধাৰাবাহিক বৈঠক।ইয়াৰ লগতে আক্ৰমণৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ ​​অৰ্থাৎ ৭ মে’ত সমগ্ৰ দেশৰ ২৫৯ টা ঠাইত জৰুৰী ম’ক ড্ৰিল কৰা হ’ব, য’ত জৰুৰীকালীন প্ৰস্তুতিৰ পৰীক্ষণ কৰা হ’ব। উত্তেজনাৰ মাজতে দুয়োখন দেশে নিজ পৰ্য্যায়ত প্ৰস্তুতি চলাইছে।

ৰাজধানী দিল্লীত অব্যাহত আছে এই ৰাউণ্ডৰ বৈঠক।পৰিকল্পিত দেশজোৰা নিৰাপত্তা অনুশীলনৰ এদিন পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।

গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি কাইলৈ ​​(৭ মে’) সমগ্ৰ দেশৰ ২৫৯ টা স্থানত আক্ৰমণৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰী ম’ক ড্ৰিল কৰা হ’ব।

জম্মু-কাশ্মীৰৰ ২০টা স্থানকে ধৰি সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ গুৰুত্ব দিয়া হ’ব, আৰু কেন্দ্ৰীয় গৃহ সচিবে ম’ক ড্ৰিলৰ ওপৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে বৈঠকত মিলিত হয়।

আনহাতে পাকিস্তানক পাঠ শিকোৱাৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে, সীমান্তত সতৰ্কতা বৃদ্ধি কৰা হৈছে আৰু পানী যোগান বন্ধ হোৱাৰ বাবে পাকিস্তানত পানীৰ সংকটৰ সৃষ্টি হৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ