‘মোদী-শ্বাহে মোক বোমা দিয়ক…মই আত্মঘাতী বোমাৰু হৈ পাকিস্তানলৈ যাম’; মন্ত্ৰী জমীৰ খানৰ বিস্ফোৰক মন্তব্য

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে।ইফালে কৰ্ণাটকৰ গৃহ নিৰ্মাণ আৰু সংখ্যালঘু মন্ত্ৰী জমিৰ আহমেদ খানৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। য’ত তেওঁ চুবুৰীয়া দেশখনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আত্মঘাতী বোমা লৈ নিজকে পাকিস্তানলৈ পঠিয়াবলৈ দাবী জনাইছে। শুকুৰবাৰে এখন সংবাদমেলত খানে কয় যে

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে।ইফালে কৰ্ণাটকৰ গৃহ নিৰ্মাণ আৰু সংখ্যালঘু মন্ত্ৰী জমিৰ আহমেদ খানৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

য’ত তেওঁ চুবুৰীয়া দেশখনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আত্মঘাতী বোমা লৈ নিজকে পাকিস্তানলৈ পঠিয়াবলৈ দাবী জনাইছে।

শুকুৰবাৰে এখন সংবাদমেলত খানে কয় যে পাকিস্তান সদায় ভাৰতৰ শত্ৰু আৰু যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অনুমতি দিয়ে তেন্তে তেওঁ যুদ্ধত যোগদান কৰিবলৈ সাজু।

কৰ্ণাটকৰ মন্ত্ৰী জমিৰ আহমেদ খানে কয় যে, ‘আমি ভাৰতীয়, আমি হিন্দুস্তানী।’ পাকিস্তানৰ আমাৰ লগত কেতিয়াও কোনো সম্পৰ্ক নাছিল’।

‘পাকিস্তান সদায় আমাৰ শত্ৰু আছিলে…যদি মোক মোদী, অমিত শ্বাহ আৰু কেন্দ্ৰীয় চৰকাৰে অনুমতি দিয়ে তেন্তে মই পাকিস্তানলৈ গৈ যুদ্ধ কৰিবলৈ সাজু’।

‘তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহক আত্মঘাতী বোমা দিবলৈ কয়, যিটো তেওঁ নিজৰ শৰীৰত বান্ধি পাকিস্তানলৈ গৈ তেওঁলোকক আক্ৰমণ কৰিব’।

জমিৰ আহমদ খানে লগতে কয় যে, ‘যুদ্ধ হ’লে মই সাজু।এজন মন্ত্ৰী হিচাপে মই কৈছোঁ যে মই পাকিস্তানৰ সৈতে যুদ্ধ কৰিবলৈ সাজু’।

‘মই নিজেও ভাৰতৰ হৈ যুদ্ধৰ অংশ হ’বলৈ তালৈ যাম।প্ৰয়োজন হ’লে মই আত্মঘাতী বোমাৰুও হ’ম।মই ধেমালি কৰা নাই’।

‘দেশৰ স্বাৰ্থত যদি মোদী আৰু শ্বাহে মোক আত্মঘাতী বোমাৰু কৰে তেন্তে আল্লাহৰ শপত মই বোমা পিন্ধিম আৰু পাকিস্তানলৈ যাম’।

শেহতীয়া প্ৰৱন্ধসমূহ