ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন তথা ক্ৰিকেট কমেন্টেটৰ সুনীল গাভাস্কাৰে আই পি এল ২০২৫ৰ বিজয়ীক লৈ এক ডাঙৰ ভৱিষ্যদ্বাণী কৰিছে।
কোন দলে আই পি এল ২০২৫ৰ ট্ৰফী হাতত তুলি ল’ব সেই কথা জনাইছে সুনীল গাভাস্কাৰে।আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু (আৰ চি বি) দলৰ প্ৰদৰ্শন অতি উত্তম।
আই পি এল ২০২৫ৰ ১০খন মেচৰ ভিতৰত ৭খন খেলত এতিয়ালৈকে জয়লাভ কৰি ১৪ পইণ্ট লাভ কৰিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে।আই পি এল ২০২৫ৰ পইণ্ট তালিকাত তৃতীয় স্থানত আছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) দল।
এটা সাক্ষাৎকাৰত সুনীল গাভাস্কাৰে কয় যে আই পি এল ২০২৫ৰ খিতাপ দখল কৰিবলৈ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু হৈছে আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী।
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে এই ছিজনত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে আৰু এতিয়ালৈকে বেছিভাগ মেচতে জয়ী হৈছো।
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সফলতাত বিৰাট কোহলি, টিম ডেভিদ, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, দেৱদত্ত পদিকল, জোছ হেজলউডৰ দৰে তাৰকা খেলুৱৈয়ে ডাঙৰ ভূমিকা পালন কৰিছে।
সুনীল গাভাস্কাৰৰ মতে, ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ অল ৰাউণ্ড শক্তিৰ ওচৰ চাপিছে কেৱল মুম্বাই ইণ্ডিয়ানছ । অৱশ্যে খিতাপৰ দৌৰত ৰজত পাটিদাৰৰ দল সামান্য আগবাঢ়ি আছে বুলিও তেওঁ কয়।
সুনীল গাভাস্কৰে কয়, ‘ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু… তেওঁলোকে বেটিং আৰু লগতে ফিল্ডিংও যথেষ্ট ভাল কৰিছে।মুম্বাই ইণ্ডিয়ানৰ ওচৰত আছে, কিন্তু তেওঁলোকে মাত্ৰ অগ্ৰগতি লাভ কৰিছে।
প্ৰশ্ন হয়, তেওঁলোকে ইয়াক আগুৱাই লৈ যাব পাৰিবনে,কাৰণ তেওঁলোকে শীৰ্ষ দলৰ বিৰুদ্ধে তিনিখন কঠিন মেচ খেলিব লাগিব।অৱশ্যে আৰ চি বি নিশ্চিতভাৱে খিতাপৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী।