ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে এখন ফটোত লাইক কৰি এতিয়া সেই সন্দৰ্ভত স্পষ্টীকৰণ দিব লগা হৈছে। আচলতে তেওঁ অভনীত কৌৰৰ ফেন পেজৰ পৰা শ্বেয়াৰ কৰা এখন ফটোত লাইক কৰিছিল। ইয়াৰ পিছত তেওঁক বহুতে ট্ৰ’ল কৰিছে।
ইয়াৰ পিছত বিৰাট কোহলীয়ে নিজৰ ইনষ্টা হেণ্ডেলৰ জৰিয়তে স্পষ্ট কৰি লিখিলে যে এইটো ভুলতে হৈছে গতিকে কথাবোৰ ৰচনা নকৰিব।
বিৰাট কোহলীয়ে নিজৰ ইনষ্টা ষ্ট’ৰীত লিখিছে,”মই স্পষ্ট কৰিব বিচাৰিছো যে মই মোৰ ফিড ক্লিয়াৰ কৰি থাকোঁতে ভুলবশতঃ এটা ইন্টাৰেকচন পঞ্জীয়ন হৈছিল”।

“এনে লাগে যেন এলগৰিদমৰ বাবেই এনেকুৱা হৈছে।ইয়াৰ আঁৰত মোৰ কোনো উদ্দেশ্য নাছিল।মই অনুৰোধ জনাইছো কোনো অপ্ৰয়োজনীয় কথা নুলিয়াৱ । মোক বুজি পোৱাৰ বাবে ধন্যবাদ।”
বিৰাট কোহলীৰ ছ’চিয়েল মিডিয়াত ২৭১ নিযুত অনুৰাগী আছে।ক্ৰিকেটাৰ গৰাকীয়ে যেতিয়া টেলিভিচনৰ অভিনেত্ৰী অভনীতৰ ফেন পেজৰ পৰা শ্বেয়াৰ কৰা ফটোখন লাইক কৰিলে, তেতিয়া ই নেটিজেনসকলৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিল।যাৰ বাবে এতিয়া স্পষ্টিকৰণ দিছে ক্ৰিকেটাৰ গৰাকীয়ে।