‘কংগ্ৰেছ সংবিধানৰ ভক্ষক…’; হাৰিয়ানাৰ হিছাৰ জিলাত কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰীৰ

হাৰিয়ানাৰ হিছাৰ জিলাত আজি উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, য’ত তেওঁ কোটি টকীয়া প্ৰকল্প আৰম্ভ কৰিছে। এই সময়ত তেওঁ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰে আৰু হিছাৰৰ পৰা অযোধ্যালৈ যাবলৈ বিমানখন ফ্লেগ অফ কৰা হৈছিল । হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীয়ে ৰাজ্যখনৰ কেইবাটাও

হাৰিয়ানাৰ হিছাৰ জিলাত আজি উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, য’ত তেওঁ কোটি টকীয়া প্ৰকল্প আৰম্ভ কৰিছে।

এই সময়ত তেওঁ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰে আৰু হিছাৰৰ পৰা অযোধ্যালৈ যাবলৈ বিমানখন ফ্লেগ অফ কৰা হৈছিল ।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং ছাইনীয়ে ৰাজ্যখনৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক সম্বৰ্ধনা জনায়।

সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘আপোনালোকক মোৰ প্ৰতিশ্ৰুতি যে হাৱাই চেণ্ডেল পিন্ধা মানুহ এজনেও এতিয়া বিমানত যাব পাৰিব। আমি সমগ্ৰ দেশতে এই প্ৰতিশ্ৰুতি পূৰণ হোৱা দেখিবলৈ পাইছো’।

‘এতিয়া কৃষ্ণ জীৰ পবিত্ৰ ভূমি হাৰিয়ানা ৰাম জীৰ অযোধ্যাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত।অতি সোনকালে ইয়াৰ পৰা আন চহৰলৈও বিমান সেৱা আৰম্ভ হ’ব৷আজি মই গৌৰৱ অনুভৱ কৰিছো যে বিজেপিয়ে উন্নত হাৰিয়ানা আৰু উন্নত ভাৰতৰ দিশত গুৰুত্বসহকাৰে কাম কৰি আছে’।

‘আজি আমাৰ সকলোৰে বাবে, দেশৰ বাবে আৰু বিশেষকৈ নিপীড়িত দলিতৰ বাবে, বঞ্চিত আৰু শোষিত লোকৰ বাবে এয়া দ্বিতীয় দীপাৱলী’।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে 'কংগ্ৰেছে বাবা চাহেবৰ লগত কি কৰিলে আমি কেতিয়াও পাহৰিব নালাগে।বাবা চাহেব জীয়াই থকালৈকে কংগ্ৰেছে বাবা চাহেবক অপমান কৰিছিল'।

'তেওঁক দুবাৰকৈ নিৰ্বাচনত পৰাস্ত কৰা হৈছিল। তেওঁ জীয়াই নথকা সময়ত কংগ্ৰেছে আনকি তেওঁৰ স্মৃতিশক্তি মচি পেলাবলৈও চেষ্টা কৰিছিল'।

'ড° আম্বেদকাৰ সংবিধানৰ ৰক্ষক আছিল, কংগ্ৰেছ সংবিধান ধ্বংসকাৰী হৈ পৰিছে।কংগ্ৰেছে দেশত বিয়পাই দিলে ভোটবেংক ভাইৰাছ'।

'বাবা চাহাবে বিচাৰিছিল প্ৰতিজন দুখীয়াই মূৰ ওপৰলৈ তুলি জীয়াই থাকিব পাৰিব লাগে।কিন্তু কংগ্ৰেছে এছ টি, এছ চি, অ বি চিক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বিভাজন কৰিলে'।

শেহতীয়া প্ৰৱন্ধসমূহ