জানক কিয় পালন কৰা হয় ধৰিত্ৰী ঘন্টা, ক’ৰ পৰা হৈছিল আৰম্ভ

এঘন্টাৰ বাবে হৈ পৰিব অন্ধকাৰ… জানক কিয় পালন কৰা হয় ধৰিত্ৰী ঘন্টা, ক’ৰ পৰা হৈছিল আৰম্ভ

বিদ্যুৎ ৰাহি কৰাৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে ‘আৰ্থ আৱাৰ’ অথবা ‘ধৰিত্ৰী ঘন্টা’ পালন কৰা হয় । আৰ্থ আৱাৰ বা ধৰিত্ৰী ঘন্টা হৈছে ৱৰ্ল্ড ৱাইড ফাণ্ড (WWF)ৰ এক অভিযান । যাৰ উদ্দেশ্য বিদ্যুতৰ গুৰুত্ব আৰু পৰিৱেশ সুৰক্ষাৰ বিষয়ে মানুহক সজাগ কৰা । আৰ্থ আৱাৰৰ সময়ত সমগ্ৰ বিশ্বৰ

বিদ্যুৎ ৰাহি কৰাৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে ‘আৰ্থ আৱাৰ’ অথবা ‘ধৰিত্ৰী ঘন্টা’ পালন কৰা হয় । আৰ্থ আৱাৰ বা ধৰিত্ৰী ঘন্টা হৈছে ৱৰ্ল্ড ৱাইড ফাণ্ড (WWF)ৰ এক অভিযান । যাৰ উদ্দেশ্য বিদ্যুতৰ গুৰুত্ব আৰু পৰিৱেশ সুৰক্ষাৰ বিষয়ে মানুহক সজাগ কৰা । আৰ্থ আৱাৰৰ সময়ত সমগ্ৰ বিশ্বৰ নাগৰিকসকলক কেৱল এঘণ্টাৰ বাবে অপ্ৰয়োজনীয় লাইট বন্ধ কৰিবলৈ আহ্বান জনোৱাই নহয়, সৌৰশক্তি গ্ৰহণ কৰিবলৈও পৰামৰ্শ দিয়া হয় ।

২০০৭ চনত আৰম্ভ হৈছিল ধৰিত্ৰী ঘন্টা-

২০০৭ চনত অষ্ট্ৰেলিয়াৰ ছিডনীত আৰ্থ আৱাৰ আৰম্ভ হৈছিল আৰু ক্ৰমান্বয়ে সমগ্ৰ বিশ্বতে ই জনপ্ৰিয় হৈ পৰিছিল । ২০০৮ চনত ৩৫ খন দেশে ধৰিত্ৰী ঘন্টা দিৱসত অংশ লৈছিলৱ । এতিয়া ১৯৩ খন দেশে ধৰিত্ৰী ঘন্টা দিৱসত যোগদান কৰিছে ।

মাৰ্চ মাহৰ শেষ শনিবাৰে পালন কৰা হয় এই দিৱস-

সাধাৰণতে প্ৰতি বছৰে মাৰ্চ মাহৰ শেষ শনিবাৰে আৰ্থ আৱাৰ উদযাপন কৰা হয় । বহুতে মমবাতি জ্বলাই আৰ্থ আৱাৰ বা ধৰিত্ৰী ঘন্টা উদযাপন কৰে ।

ধৰিত্ৰী ঘন্টাৰ প্ৰয়োজন কি ?

প্ৰশ্ন হয় আমি ইয়াৰ অংশ কিয় হ’ব লাগে । এই অভিযানত এঘণ্টাৰ বাবে বিদ্যুৎ ৰাহি কৰিলে কোনো ডাঙৰ পৰিৱৰ্তন নহয় । কিন্তু এদিনৰ বাবে এই প্ৰচেষ্টা আৰু মানুহৰ মাজত ঐক্যৰ জৰিয়তে আমি বিদ্যুৎ ৰাহিৰ বাৰ্তা দিবলৈ চেষ্টা কৰোঁ । এই দিৱসৰ জৰিয়তে জলবায়ুৰ দ্ৰুত পৰিৱৰ্তনৰ বিষয়ে মানুহক সজাগ কৰিবলৈ চেষ্টা কৰা হয় ।

পৃথিৱী ঘন্টাৰ প্ৰভাৱ

যদিও আৰ্থ আৱাৰ এক প্ৰতীকী পদক্ষেপ, তথাপিও ইয়াৰ প্ৰকৃত প্ৰভাৱ উল্লেখযোগ্য । ২০১৪ চনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি এই অনুষ্ঠানৰ সময়ত বিদ্যুতৰ ব্যৱহাৰ গড়ে ৪% হ্ৰাস পোৱা দেখা গৈছিল । ইয়াৰ দ্বাৰা এটা গুৰুত্বপূৰ্ণ বাৰ্তা পোৱা যায় যে যদি আমি শক্তি সংৰক্ষণক আমাৰ অভ্যাস কৰি লওঁ, তেন্তে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিব পৰা যাব ।

ধৰিত্ৰী ঘন্টা কিয় গুৰুত্বপূৰ্ণ ?

শক্তি সংৰক্ষণ : এই পদক্ষেপে লাখ লাখ মেগাৱাট বিদ্যুৎ ৰাহি কৰে, যাৰ ফলত শক্তি সম্পদৰ ওপৰত চাপ হ্ৰাস পায় ।

পৰিৱেশ সজাগতা : এই অভিযানে জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ বিষয়ে মানুহক সজাগ কৰি তোলে ।

বিশ্ব ঐক্য : আৰ্থ আৱাৰে বিশ্বক একত্ৰিত কৰে আৰু পৰিৱেশৰ প্ৰতি সামূহিক দায়িত্ববোধক উৎসাহিত কৰে ।

কাৰ্বন নিৰ্গমন হ্ৰাস : এই অনুষ্ঠানে কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰাত সহায় কৰে ।

স্থায়ী পৰিৱৰ্তন : আৰ্থ আৱাৰে কেৱল এঘণ্টাৰ বাবে নহয়, দীৰ্ঘম্যাদী বহনক্ষম জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবে অনুপ্ৰাণিত কৰে ।

কেনেকৈ অংশগ্ৰহণ কৰিব ?

আপোনাৰ ঘৰ, কাৰ্যালয় আৰু প্ৰতিষ্ঠানত অপ্ৰয়োজনীয় শক্তি বন্ধ কৰক ।

ছচিয়েল মিডিয়াত এই আন্দোলন সম্পৰ্কে সজাগতা বিয়পাওক ।

আপোনাৰ সম্প্ৰদায় আৰু বিদ্যালয়সমূহক এই অভিযানত জড়িত কৰক ।

শক্তি ৰাহি কৰা প্ৰযুক্তি যেনে এল ই ডি বাল্ব, সৌৰশক্তি, আৰু পুনঃব্যৱহাৰ গ্ৰহণ কৰক ।

এই পদক্ষেপৰ অধীনত WWF ৰ দ্বাৰা আয়োজিত অনুষ্ঠান আৰু অভিযানত অংশগ্ৰহণ কৰক ।