এঘন্টাৰ বাবে হৈ পৰিব অন্ধকাৰ… জানক কিয় পালন কৰা হয় ধৰিত্ৰী ঘন্টা, ক’ৰ পৰা হৈছিল আৰম্ভ

বিদ্যুৎ ৰাহি কৰাৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে ‘আৰ্থ আৱাৰ’ অথবা ‘ধৰিত্ৰী ঘন্টা’ পালন কৰা হয় । আৰ্থ আৱাৰ বা ধৰিত্ৰী ঘন্টা হৈছে ৱৰ্ল্ড ৱাইড ফাণ্ড (WWF)ৰ এক অভিযান । যাৰ উদ্দেশ্য বিদ্যুতৰ গুৰুত্ব আৰু পৰিৱেশ সুৰক্ষাৰ বিষয়ে মানুহক সজাগ কৰা । আৰ্থ আৱাৰৰ সময়ত সমগ্ৰ বিশ্বৰ নাগৰিকসকলক কেৱল এঘণ্টাৰ বাবে অপ্ৰয়োজনীয় লাইট বন্ধ কৰিবলৈ আহ্বান জনোৱাই নহয়, সৌৰশক্তি গ্ৰহণ কৰিবলৈও পৰামৰ্শ দিয়া হয় ।

২০০৭ চনত আৰম্ভ হৈছিল ধৰিত্ৰী ঘন্টা-

২০০৭ চনত অষ্ট্ৰেলিয়াৰ ছিডনীত আৰ্থ আৱাৰ আৰম্ভ হৈছিল আৰু ক্ৰমান্বয়ে সমগ্ৰ বিশ্বতে ই জনপ্ৰিয় হৈ পৰিছিল । ২০০৮ চনত ৩৫ খন দেশে ধৰিত্ৰী ঘন্টা দিৱসত অংশ লৈছিলৱ । এতিয়া ১৯৩ খন দেশে ধৰিত্ৰী ঘন্টা দিৱসত যোগদান কৰিছে ।

মাৰ্চ মাহৰ শেষ শনিবাৰে পালন কৰা হয় এই দিৱস-

সাধাৰণতে প্ৰতি বছৰে মাৰ্চ মাহৰ শেষ শনিবাৰে আৰ্থ আৱাৰ উদযাপন কৰা হয় । বহুতে মমবাতি জ্বলাই আৰ্থ আৱাৰ বা ধৰিত্ৰী ঘন্টা উদযাপন কৰে ।

ধৰিত্ৰী ঘন্টাৰ প্ৰয়োজন কি ?

প্ৰশ্ন হয় আমি ইয়াৰ অংশ কিয় হ’ব লাগে । এই অভিযানত এঘণ্টাৰ বাবে বিদ্যুৎ ৰাহি কৰিলে কোনো ডাঙৰ পৰিৱৰ্তন নহয় । কিন্তু এদিনৰ বাবে এই প্ৰচেষ্টা আৰু মানুহৰ মাজত ঐক্যৰ জৰিয়তে আমি বিদ্যুৎ ৰাহিৰ বাৰ্তা দিবলৈ চেষ্টা কৰোঁ । এই দিৱসৰ জৰিয়তে জলবায়ুৰ দ্ৰুত পৰিৱৰ্তনৰ বিষয়ে মানুহক সজাগ কৰিবলৈ চেষ্টা কৰা হয় ।

পৃথিৱী ঘন্টাৰ প্ৰভাৱ

যদিও আৰ্থ আৱাৰ এক প্ৰতীকী পদক্ষেপ, তথাপিও ইয়াৰ প্ৰকৃত প্ৰভাৱ উল্লেখযোগ্য । ২০১৪ চনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি এই অনুষ্ঠানৰ সময়ত বিদ্যুতৰ ব্যৱহাৰ গড়ে ৪% হ্ৰাস পোৱা দেখা গৈছিল । ইয়াৰ দ্বাৰা এটা গুৰুত্বপূৰ্ণ বাৰ্তা পোৱা যায় যে যদি আমি শক্তি সংৰক্ষণক আমাৰ অভ্যাস কৰি লওঁ, তেন্তে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিব পৰা যাব ।

ধৰিত্ৰী ঘন্টা কিয় গুৰুত্বপূৰ্ণ ?

শক্তি সংৰক্ষণ : এই পদক্ষেপে লাখ লাখ মেগাৱাট বিদ্যুৎ ৰাহি কৰে, যাৰ ফলত শক্তি সম্পদৰ ওপৰত চাপ হ্ৰাস পায় ।

পৰিৱেশ সজাগতা : এই অভিযানে জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ বিষয়ে মানুহক সজাগ কৰি তোলে ।

বিশ্ব ঐক্য : আৰ্থ আৱাৰে বিশ্বক একত্ৰিত কৰে আৰু পৰিৱেশৰ প্ৰতি সামূহিক দায়িত্ববোধক উৎসাহিত কৰে ।

কাৰ্বন নিৰ্গমন হ্ৰাস : এই অনুষ্ঠানে কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰাত সহায় কৰে ।

স্থায়ী পৰিৱৰ্তন : আৰ্থ আৱাৰে কেৱল এঘণ্টাৰ বাবে নহয়, দীৰ্ঘম্যাদী বহনক্ষম জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবে অনুপ্ৰাণিত কৰে ।

কেনেকৈ অংশগ্ৰহণ কৰিব ?

আপোনাৰ ঘৰ, কাৰ্যালয় আৰু প্ৰতিষ্ঠানত অপ্ৰয়োজনীয় শক্তি বন্ধ কৰক ।

ছচিয়েল মিডিয়াত এই আন্দোলন সম্পৰ্কে সজাগতা বিয়পাওক ।

আপোনাৰ সম্প্ৰদায় আৰু বিদ্যালয়সমূহক এই অভিযানত জড়িত কৰক ।

শক্তি ৰাহি কৰা প্ৰযুক্তি যেনে এল ই ডি বাল্ব, সৌৰশক্তি, আৰু পুনঃব্যৱহাৰ গ্ৰহণ কৰক ।

এই পদক্ষেপৰ অধীনত WWF ৰ দ্বাৰা আয়োজিত অনুষ্ঠান আৰু অভিযানত অংশগ্ৰহণ কৰক ।