৫টা সহজ অভ্যাস যিয়ে আপোনাৰ জীৱনটোক মানসিক চাপমুক্ত আৰু সুখী কৰি তুলিব...!

৫টা সহজ অভ্যাস যিয়ে আপোনাৰ জীৱনটোক মানসিক চাপমুক্ত আৰু সুখী কৰি তুলিব…!

বৰ্তমানৰ ব্যস্ত জীৱনত মানসিক চাপ আমাৰ দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰিছে । কৰ্মৰ চাপ, সম্পৰ্কত উত্তেজনা, আৰ্থিক চিন্তা আৰু ডিজিটেল জীৱনশৈলীয়ে আমাক মানসিকভাৱে ভাগৰুৱা কৰি তোলে । অহৰহ মানসিক চাপে কেৱল আমাৰ মানসিক শান্তিত প্ৰভাৱ পেলোৱাই নহয়, ইয়াৰ ফলত অনিদ্ৰা, উচ্চ ৰক্তচাপ আৰু হতাশাৰ

বৰ্তমানৰ ব্যস্ত জীৱনত মানসিক চাপ আমাৰ দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰিছে । কৰ্মৰ চাপ, সম্পৰ্কত উত্তেজনা, আৰ্থিক চিন্তা আৰু ডিজিটেল জীৱনশৈলীয়ে আমাক মানসিকভাৱে ভাগৰুৱা কৰি তোলে । অহৰহ মানসিক চাপে কেৱল আমাৰ মানসিক শান্তিত প্ৰভাৱ পেলোৱাই নহয়, ইয়াৰ ফলত অনিদ্ৰা, উচ্চ ৰক্তচাপ আৰু হতাশাৰ দৰে স্বাস্থ্যজনিত সমস্যাও হ’ব পাৰে । কিন্তু ভাল খবৰটো হ’ল কিছুমান সৰু সৰু অভ্যাস গ্ৰহণ কৰিলে আপুনি আপোনাৰ জীৱনটো সুখী আৰু মানসিক চাপমুক্ত কৰিব পাৰে ।

এই অভ্যাসবোৰ গ্ৰহণ কৰিবলৈ আপুনি কোনো ডাঙৰ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই । মাত্ৰ অলপ সময় আৰু সজাগতা যথেষ্ট । আজি আমি সেই ৫টা অভ্যাসৰ বিষয়ে ক’ম যিয়ে আপোনাক মানসিকভাৱে সবল কৰি তুলিব । লগতে আপোনাৰ মনটো শান্ত হৈ থাকিব, চিন্তাবোৰ ইতিবাচক হ’ব আৰু আপুনি জীৱনটো ভালকৈ উপভোগ কৰিবলৈ সক্ষম হ’ব ।

মাইণ্ডফুলনেছ গ্ৰহণ কৰক-

মাইণ্ডফুলনেছ মানে প্ৰতিটো কাম সম্পূৰ্ণ মনোযোগ আৰু সচেতনতাৰে কৰা । এই কৌশলে আপোনাক বৰ্তমানৰ মাজত জীয়াই থাকিবলৈ শিকাই । দিনটোত মাত্ৰ ১০ মিনিট ধ্যান বা উশাহ-নিশাহত মনোনিৱেশ কৰিলে আপোনাৰ মানসিক চাপ হ্ৰাস পাব পাৰে । মাইণ্ডফুলনেছ প্ৰেকটিছে আপোনাৰ মনোযোগ উন্নত কৰে আৰু নেতিবাচক চিন্তাধাৰাৰ পৰা মুক্তি পোৱাত সহায় কৰে ।

আপোনাৰ স্থানৰ শৃংখলা লগাওক-

বহু গৱেষণাৰ পৰা দেখা গৈছে যে খেলিমেলি ঘৰ বা অফিচৰ স্থানে মনৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় । যদি আপোনাৰ কোঠাটো বিশৃংখল হয় তেন্তে ই আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় । প্ৰতিদিনে ১০-১৫ মিনিট সময় উলিয়াই ঠাইখিনি শৃংখলা লগাই লওক । অপ্ৰয়োজনীয় বস্তু আঁতৰাই পেলাওক, ইয়াৰ দ্বাৰা আপোনাৰ মনটোও পাতল অনুভৱ হ’ব । পৰিষ্কাৰ ঠাইত কাম কৰিলে উৎপাদনশীলতাও বৃদ্ধি পায় ।

দৈনন্দিন ৰুটিন সৃষ্টি কৰক আৰু অনুসৰণ কৰক-

ৰুটিন অবিহনে জীৱন বিশৃংখল হৈ পৰে । প্ৰতিদিনে নিয়মীয়া ৰুটিন সৃষ্টি কৰাটো গুৰুত্বপূৰ্ণ, যাতে আপুনি সময়মতে কাম সম্পূৰ্ণ কৰিব পাৰে আৰু লগতে জিৰণি ল’বলৈও সময় উলিয়াব পাৰে । ৰাতিপুৱা সোনকালে উঠাৰ লগতে ৰাতি সময়মতে শুব । ৱৰ্কআউট, খাদ্য আৰু জিৰণিৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক । ইয়াৰ ফলত কৰ্ম-জীৱনৰ ভাৰসাম্য উন্নত হ’ব আৰু মানসিক চাপ হ্ৰাস পাব ।

স্ক্ৰীণৰ সময় সীমিত কৰক-

ডিজিটেল জীৱনৰ অংগ হৈ পৰা পৰ্দা বা স্ক্ৰীণত বেছি সময় কটালে মানসিক চাপ বৃদ্ধি পাব পাৰে । কামৰ পিছত পৰ্দাৰ সময় কম কৰক । ৰাতি শুবলৈ যোৱাৰ অন্ততঃ এঘণ্টা পূৰ্বে ফোন বা লেপটপ ব্যৱহাৰ বন্ধ কৰক । ছুটিৰ দিনত ডিজিটেল ডিটক্স কৰক আৰু প্ৰকৃতিৰ ওচৰ চাপক ।

আত্ম-যত্ন কৰাটো অভ্যাসত পৰিণত কৰক-

এই ব্যস্ত জীৱনত আমি প্ৰায়ে নিজকে আওকাণ কৰোঁ । সেইবাবেই আপুনি আত্ম-যত্নক অগ্ৰাধিকাৰ দিয়াটো গুৰুত্বপূৰ্ণ । সপ্তাহত এবাৰ আপোনাৰ প্ৰিয় কামটো কৰক – যেনে কিতাপ পঢ়া, সংগীত শুনা বা ৰন্ধা-বঢ়া কৰা । নিয়মিতভাৱে ব্যায়াম কৰক আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক । নিজৰ বাবে সময় উলিয়ালে আপোনাৰ মানসিক স্বাস্থ্যৰ উন্নতি ঘটিব ।