শিল্পী সমাজৰ বিৰুদ্ধে অশ্লীল মন্তব্য  কৰি বিপদত ঋতু কলিতা; থানাত  এজাহাৰ দাখিল শিল্পী সমাজৰ

ফেচবুকত শিল্পী সমাজৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি বিপদত পৰিছে ঋতু কলিতা। ঋতু কলিতাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে গুৱাহাটী শিল্পী সমাজে। উল্লেখ্য যে মঙলবাৰে কণ্ঠশিল্পীসকলে বিহুত লোৱা মাননীক লৈ অশালীন শব্দ ব্যৱহাৰ কৰি সমালোচনা কৰিছিল ঋতু কলিতাই। তাৰ পিছতেই বুধবাৰে দিছপুৰ থানাত এজাহাৰ দাখিল

ফেচবুকত শিল্পী সমাজৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি বিপদত পৰিছে ঋতু কলিতা। ঋতু কলিতাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে গুৱাহাটী শিল্পী সমাজে।

উল্লেখ্য যে মঙলবাৰে কণ্ঠশিল্পীসকলে বিহুত লোৱা মাননীক লৈ অশালীন শব্দ ব্যৱহাৰ কৰি সমালোচনা কৰিছিল ঋতু কলিতাই। তাৰ পিছতেই বুধবাৰে দিছপুৰ  থানাত  এজাহাৰ দাখিল কৰে শিল্পী  সমাজে।

শিল্পী সমাজৰ  হৈ  ৰূপম ভূঞা,বিপিন চাউদাঙ, কল্লোল বৰঠাকুৰ, দিক্ষু, পদ্মনাভকে  ধৰি কেইবাজনো কন্ঠশিল্পী উপস্থিত থাকে দিছপুৰ থানাত।তেওঁলোকে কয় যে শিল্পী সমাজক অপমান কোনো কাৰণত সহ্য কৰা নহ’ব।

শেহতীয়া প্ৰৱন্ধসমূহ