ভাৰতৰ দৰে এই ৭ খন দেশতো অতি উলহ মালহেৰে উদযাপন কৰা হয় হোলী...

ভাৰতৰ দৰে এই ৭ খন দেশতো অতি উলহ মালহেৰে উদযাপন কৰা হয় হোলী…জানক ক’ত কেনেকৈ হয় উদযাপন !

কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশত অতি উৎসাহ আৰু আড়ম্বৰেৰে হোলী উদযাপন কৰা হয় । ৰঙৰ এই উৎসৱ কেৱল সুখৰ প্ৰতীক নহয় বৰঞ্চ পাৰস্পৰিক ভাতৃত্ববোধ আৰু প্ৰেমৰ বাৰ্তাও দিয়ে । ভাৰতৰ বাহিৰৰ বহু দেশত ভাৰতীয় সম্প্ৰদায়ৰ বাবে বিশেষ ধৰণেৰে হোলী উদযাপন কৰা হয় । জানক

কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশত অতি উৎসাহ আৰু আড়ম্বৰেৰে হোলী উদযাপন কৰা হয় । ৰঙৰ এই উৎসৱ কেৱল সুখৰ প্ৰতীক নহয় বৰঞ্চ পাৰস্পৰিক ভাতৃত্ববোধ আৰু প্ৰেমৰ বাৰ্তাও দিয়ে । ভাৰতৰ বাহিৰৰ বহু দেশত ভাৰতীয় সম্প্ৰদায়ৰ বাবে বিশেষ ধৰণেৰে হোলী উদযাপন কৰা হয় ।

জানক নেপালৰ পৰা আমেৰিকালৈকে কোনবোৰ দেশত কেনেকৈ হোলী উদযাপন কৰা হয়-

নেপাল-

ভাৰতৰ চুবুৰীয়া দেশ নেপালত হোলীৰ বিশেষ তাৎপৰ্য আছে । এই দেশত ইয়াক ‘ফাগু পূৰ্ণিমা’ বুলি জনা যায় । কাঠমাণ্ডুৰ দৰে চহৰত হোলী উদযাপন এক প্ৰধান সাংস্কৃতিক অনুষ্ঠানত পৰিণত হৈছে য’ত মানুহে ৰং খেলে, সংগীত উপভোগ কৰে আৰু পৰম্পৰাগত খাদ্যৰ সোৱাদ লয় ।

মৰিচাছ-

মৰিচাছত বৃহৎ সংখ্যক ভাৰতীয় মূলৰ লোক আছে, সেয়েহে ইয়াত হোলী অতি উৎসাহেৰে উদযাপন কৰা হয় । মানুহে ইজনে সিজনক ৰং সানি ভজন আৰু কীৰ্তন গাই গুজিয়া, মালপোৱা আদি পৰম্পৰাগত ব্যঞ্জন উপভোগ কৰে ।

যুক্তৰাজ্য (UK)-

ব্ৰিটেইনত ভাৰতীয় প্ৰবাসীসকলৰ মাজত হোলী অতি জনপ্ৰিয় । লণ্ডন, বাৰ্মিংহামৰ দৰে চহৰত হোলী উৎসৱৰ আয়োজন কৰা হয়, য’ত ৰঙৰ লগতে বলীউডৰ সংগীত, নৃত্য আৰু খাদ্য-পানীয়ৰ আনন্দ লোৱা হয় ।

আমেৰিকা-

হোলী এতিয়া আমেৰিকাত বহু সংস্কৃতিৰ উৎসৱত পৰিণত হৈছে । নিউয়ৰ্ক, কেলিফৰ্ণিয়া আৰু টেক্সাছত ‘ফেষ্টিভেল অৱ কালাৰছ’ নামেৰে বৃহৎ পৰিসৰত হোলী উদযাপন কৰা হয় । ইয়াত ভাৰতীয় আৰু বিদেশী উভয় সম্প্ৰদায়ে ৰং আৰু সংগীতেৰে এই উৎসৱ উপভোগ কৰে ।

ট্ৰিনিদাদ আৰু ট’বাগো-

ট্ৰিনিদাদ আৰু ট’বাগোত হোলীক ‘ফাগৱাহ’ বুলি কোৱা হয় । ইয়াত ভাৰতীয় প্ৰবাসী সমাজে এই উৎসৱ উদযাপন কৰে । মানুহে আবিৰ-গুলালৰ লগত খেলে আৰু পৰম্পৰাগত গীত গাই এই দিনটোক বিশেষ কৰি তোলে ।

ফিজি-

ফিজিতো অতি আড়ম্বৰেৰে হোলী উদযাপন কৰা হয় । ইয়াত ভাৰতীয় মূলৰ মানুহে ভজন আৰু কীৰ্ত্তন গাই ৰঙেৰে খেলা কৰে । ফিজিত হোলীৰ সময়তো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

বাংলাদেশ-

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকে হোলী উদযাপন কৰে । ইয়াৰ মন্দিৰ আৰু ভাৰতীয় প্ৰধান অঞ্চলত ৰঙেৰে উদযাপন কৰা হয় হোলী উৎসৱ ।