এইগৰাকী ক্ৰিকেটাৰ হ’ব আৰ চি বিৰ নতুন অধিনায়ক

আই পি এলৰ আগত ডাঙৰ ঘোষণা, বিৰাট কোহলী নহয় এইগৰাকী ক্ৰিকেটাৰ হ’ব আৰ চি বিৰ নতুন অধিনায়ক

আই পি এল ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বৃহৎ সালসলনি । ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু তথা আৰ চি বিয়ে আই পি এলৰ নতুন অধিনায়ক নিশ্চিত কৰিছে । দলটোৰ নতুন অধিনায়ক হিচাপে পৰিগণিত হৈছে ৰজত পাটিদাৰ । ইয়াৰ পূৰ্বে এই পদৰ বাবে আগশাৰীৰ খেলুৱৈ আছিল

আই পি এল ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বৃহৎ সালসলনি । ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু তথা আৰ চি বিয়ে আই পি এলৰ নতুন অধিনায়ক নিশ্চিত কৰিছে । দলটোৰ নতুন অধিনায়ক হিচাপে পৰিগণিত হৈছে ৰজত পাটিদাৰ ।

ইয়াৰ পূৰ্বে এই পদৰ বাবে আগশাৰীৰ খেলুৱৈ আছিল বিৰাট কোহলী, যিয়ে ২০১৩ চনৰ পৰা ২০২১ চনলৈকে ফ্ৰেঞ্চাইজিৰ নেতৃত্ব দিছিল । ইয়াৰ উপৰিও ২০২৩ চনৰ আই পি এলত তিনিখন মেচৰ অধিনায়ক আছিল তেওঁ ।

২০২১ চনৰ পৰা আৰ চি বিৰ সৈতে জড়িত ৰজত পাটিদাৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া মেগা নিলামৰ পূৰ্বে তেওঁলোকৰ তিনিজন ৰিটেইনড খেলুৱৈৰ ভিতৰত অন্যতম আছিল । ৩১ বছৰীয়া পাটিদাৰে নিজৰ ৰাজ্যিক দল মধ্যপ্ৰদেশৰ ২০২৪–২৫ ছিজনত চৈয়দ মুস্তাক আলী ট্ৰফী আৰু বিজয় হাজাৰে ট্ৰফীত অধিনায়কত্ব কৰিছিল ।

২০১৩ চনৰ পৰা ২০২১ চনৰ ভিতৰত আৰ চি বিৰ অধিনায়ক আছিল বিৰাট কোহলী । তেওঁৰ পিছত ফাফ ডু প্লেচিছে দায়িত্ব লয় । কিন্তু যোৱা বছৰৰ মেগা নিলামৰ পূৰ্বে ২০২২ চনৰ পৰা ২০২৪ চনলৈকে তেওঁলোকৰ অধিনায়ক হিচাপে থকা ডু প্লেছিছক আৰ চি বিয়ে মুকলি কৰি দিছিল । ৪০ বছৰীয়া ডু প্লেছিছে এই ছিজনত দিল্লী কেপিটেলছৰ হৈ খেলিব ।

আৰচিবিৰ ৮ম অধিনায়ক হ’ব ৰজত পাটিদাৰ । ইয়াৰ পূৰ্বে ৰাহুল দ্ৰাবিড় (১৪), কেভিন পিটাৰছন (৬), অনিল কুম্বলে (৩৫), ডেনিয়েল ভেট্ট’ৰী (২৮), বিৰাট কোহলি (১৪৩), শ্বেন ৱাটছন (৩) আৰু ফাফ ডু প্লেছিছ (৪২) দলৰ অধিনায়ক হিচাপে আছিল ।

নিলামৰ পূৰ্বে আৰ চি বিয়ে ধৰি ৰখা খেলুৱৈসকলৰ ভিতৰত আছিল ৰজত পাটিদাৰ (১১.০০ কোটি টকা) । চৈয়দ মুস্তাক আলী ট্ৰফী (এছ এম টি) আৰু বিজয় হাজাৰে ট্ৰফীত মধ্যপ্ৰদেশক নেতৃত্ব দিয়াৰ অভিজ্ঞতা আছে । পাটিদাৰে মধ্যপ্ৰদেশক নেতৃত্ব দি এছ এম টি ২০২৪/২৫ৰ ফাইনেলত মুম্বাইৰ হাতত ৫ উইকেটত পৰাস্ত হয় । ইয়াৰ উপৰিও অজিংক্য ৰাহানে (৪৬৯)ৰ পিছত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে ১০খন মেচত গড়ে ৬১.১৪ আৰু ষ্ট্ৰাইক ৰেট ১৮৬.০৮ ৰান কৰি ৪২৮ ৰান সংগ্ৰহ কৰে ।

১৪৩খন মেচত আৰচিবিৰ অধিনায়কত্ব কৰিছিল কোহলীয়ে-

আই পি এলত ১৪৩খন মেচত আৰ চি বিক নেতৃত্ব দিয়া কোহলীয়ে এম এছ ধোনীৰ পিছত অধিনায়ক হিচাবে দ্বিতীয় সৰ্বাধিক । তেওঁলোকৰ অভিলেখ হৈছে ৬৮টা জয় আৰু ৭১টা পৰাজয় আৰু চাৰিটাত কোনো ফলাফল নাই । আৰ চি বিয়ে আই পি এলত জয়ী হোৱা নাই যদিও ২০১৬ চনত কোহলীয়ে তেওঁলোকক ফাইনেললৈ লৈ গৈছিল, যিটো ছিজনত তেওঁ অভিলেখ ৯৭৩ ৰান সংগ্ৰহ কৰিছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ