অমৃতসৰত অৱতৰণ ১০৪ জন অবৈধ প্ৰৱাসী ভাৰতীয়ক কঢ়িয়াই অনা আমেৰিকাৰ বিমান...

অমৃতসৰত অৱতৰণ ১০৪ জন অবৈধ প্ৰৱাসী ভাৰতীয়ক কঢ়িয়াই অনা আমেৰিকাৰ বিমান…

অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ ভাৰতত উপস্থিত হৈছে আমেৰিকাৰ সামৰিক বিমান । অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ প্ৰথমটো গোট আমেৰিকাৰ চি-১৪৭ বিমানেৰে ভাৰতত উপস্থিত হয় । এই বিমানত ১০৪ জন ভাৰতীয় লোক আছে । এই বিমানখন অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰিছে, য’ত আৰক্ষী আৰু প্ৰশাসন সষ্টম হৈ আছে ।

অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ ভাৰতত উপস্থিত হৈছে আমেৰিকাৰ সামৰিক বিমান । অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ প্ৰথমটো গোট আমেৰিকাৰ চি-১৪৭ বিমানেৰে ভাৰতত উপস্থিত হয় । এই বিমানত ১০৪ জন ভাৰতীয় লোক আছে ।

এই বিমানখন অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰিছে, য’ত আৰক্ষী আৰু প্ৰশাসন সষ্টম হৈ আছে । অমৃতসৰৰ আয়ুক্তই নিশ্চিত কৰে যে বুধবাৰে দিনৰ ১.৫৯ বজাত বিমানখন অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে ।

বিমানবন্দৰত উপস্থিত থকা আমেৰিকান দূতাবাসৰ এজন বিষয়াই জনোৱা মতে, বিমানখনত মুঠ ১০৪ জন ভাৰতীয় আছে, য’ত ১৩ টি শিশু, ৭৯ জন পুৰুষ আৰু ২৫ গৰাকী মহিলা আছে । এই ভাৰতীয়সকলৰ ভিতৰত ৩৩ জন লোক গুজৰাটৰ যিসকল অমৃতসৰ বিমানবন্দৰৰ ভিতৰত থাকিব আৰু তাৰ পৰা পোনপটীয়াকৈ গুজৰাটলৈ প্ৰেৰণ কৰা হ’ব ।

তথ্য অনুসৰি আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়সকলক মেক্সিকো-আমেৰিকা সীমান্তত ধৰা পৰিছে । কোৱা হৈছে যে তেওঁলোকে আইনগতভাৱে ভাৰত এৰিছিল যদিও তেওঁলোকে ডংকি পথেৰে আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল । অশ্যে ভাৰতত উপস্থিত হোৱাৰ লগে লগে এইসকল লোকক গ্ৰেপ্তাৰ কৰাৰ কোনো ভিত্তি নাই কাৰণ তেওঁলোকে কোনো ধৰণে ভাৰতীয় আইন উলংঘা কৰা নাই ।

উল্লেখ্য যে ট্ৰাম্প চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীক কঢ়িয়াই নিয়াৰ বাবে সামৰিক বিমান ব্যৱহাৰ কৰি আহিছে । ইয়াৰ পূৰ্বেও আমেৰিকাৰ সামৰিক বিমানেৰে গুৱেটামালা, পেৰু আৰু হণ্ডুৰাছলৈ অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰেৰণ কৰা হৈছিল ।

২৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ অন্তত ট্ৰাম্পে কৈছিল যে ভাৰতে আমেৰিকাৰ পৰা অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক পুনৰ ঘূৰাই আনিবলৈ সঠিক পদক্ষেপ গ্ৰহণ কৰিব । হিচাপ অনুসৰি আমেৰিকাত প্ৰায় ১৮ হাজাৰ অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক ভাৰতলৈ বিতাড়িত কৰাৰ প্ৰয়োজন আছে । ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত ভাৰত চৰকাৰে এই সমস্যা সমাধানৰ বাবে আমেৰিকাৰ সৈতে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ।