আমেৰিকাৰ ৱাশ্বিংটন ডি চিৰ ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত আকাশৰ মাজভাগত এখন যাত্ৰীবাহী বিমানৰ সৈতে সেনাৰ হেলিকপ্টাৰৰ সংঘৰ্ষ হয় । এই সংঘৰ্ষৰ পিছত বিমান আৰু হেলিকপ্টাৰ দুয়োখন ভাঙি নদীত পৰে ।
বিমানখন বিমানবন্দৰত অৱতৰণ কৰিবলৈ ওলোৱাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা । তাৰ পিছত সন্মুখৰ পৰা অহা আমেৰিকান সেনাৰ ব্লেকহক হেলিকপ্টাৰৰ সৈতে সংঘৰ্ষ হয় । ইয়াৰ পিছত দুয়োখন দুৰ্ঘটনাগ্ৰস্ত হৈ প’ট’মেক নদীত পৰে । যিখন হেলিকপ্টাৰৰ সৈতে বিমানখন সংঘৰ্ষ হৈছিল সেয়া আছিল Sirosky H-60 হেলিকপ্টাৰ ।
প্ৰতিবেদন অনুসৰি, সেইখন আছিল এখন সৰু যাত্ৰীবাহী বিমান, য’ত ৬৫ জন লোকৰ বহাৰ ক্ষমতা আছিল । কোৱা হৈছে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত ৬০ জন যাত্ৰী আছিল । কনছাছৰ পৰা ৱাশ্বিংটনলৈ আহিছিল বিমানখন ।
বিমান কোম্পানীটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে আমি তথ্য লাভ কৰিছো যে পি এছ এৰ দ্বাৰা পৰিচালিত আমেৰিকান ঈগল ফ্লাইট ৫৩৪২ কনছাছৰ পৰা ৱাশ্বিংটন ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰলৈ আহি আছিল । বিমানখনৰ দুৰ্ঘটনা হৈছে ।
আমেৰিকাৰ চিনেটৰ টেড ক্ৰুজে কয় যে এই ঘটনাত মৃত্যু হৈছে যদিও বিমানখনত কিমানজন লোক আছিল সেয়া আমি এতিয়াও জানিব পৰা নাই । ইফালে বিমানবন্দৰত বিমান সেৱা বন্ধ কৰি দিয়া হৈছে ।
আৰক্ষীয়ে জনোৱা মতে, বিমানখনৰ সৈতে সংঘৰ্ষ হোৱা হেলিকপ্টাৰখন মহানগৰ আৰক্ষী বিভাগৰ নাছিল । ৱাশ্বিংটন ডি চিৰ চিনেটৰ জেৰী মৰানে কয় যে কনছাছৰ পৰা অহা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ আহিছে ।