যাত্ৰীবাহী বিমানৰ সৈতে সেনাৰ হেলিকপ্টাৰৰ সংঘৰ্ষ...বন্ধ বিমান বন্দৰ

যাত্ৰীবাহী বিমানৰ সৈতে সেনাৰ হেলিকপ্টাৰৰ সংঘৰ্ষ…কেইবাজনৰো মৃত্যু, অব্যাহত উদ্ধাৰ অভিযান

আমেৰিকাৰ ৱাশ্বিংটন ডি চিৰ ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত আকাশৰ মাজভাগত এখন যাত্ৰীবাহী বিমানৰ সৈতে সেনাৰ হেলিকপ্টাৰৰ সংঘৰ্ষ হয় । এই সংঘৰ্ষৰ পিছত বিমান আৰু হেলিকপ্টাৰ দুয়োখন ভাঙি নদীত পৰে । বিমানখন বিমানবন্দৰত অৱতৰণ কৰিবলৈ ওলোৱাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা । তাৰ পিছত সন্মুখৰ পৰা

আমেৰিকাৰ ৱাশ্বিংটন ডি চিৰ ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত আকাশৰ মাজভাগত এখন যাত্ৰীবাহী বিমানৰ সৈতে সেনাৰ হেলিকপ্টাৰৰ সংঘৰ্ষ হয় । এই সংঘৰ্ষৰ পিছত বিমান আৰু হেলিকপ্টাৰ দুয়োখন ভাঙি নদীত পৰে ।

বিমানখন বিমানবন্দৰত অৱতৰণ কৰিবলৈ ওলোৱাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা । তাৰ পিছত সন্মুখৰ পৰা অহা আমেৰিকান সেনাৰ ব্লেকহক হেলিকপ্টাৰৰ সৈতে সংঘৰ্ষ হয় । ইয়াৰ পিছত দুয়োখন দুৰ্ঘটনাগ্ৰস্ত হৈ প’ট’মেক নদীত পৰে । যিখন হেলিকপ্টাৰৰ সৈতে বিমানখন সংঘৰ্ষ হৈছিল সেয়া আছিল Sirosky H-60 হেলিকপ্টাৰ ।

প্ৰতিবেদন অনুসৰি, সেইখন আছিল এখন সৰু যাত্ৰীবাহী বিমান, য’ত ৬৫ জন লোকৰ বহাৰ ক্ষমতা আছিল । কোৱা হৈছে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত ৬০ জন যাত্ৰী আছিল । কনছাছৰ পৰা ৱাশ্বিংটনলৈ আহিছিল বিমানখন ।

বিমান কোম্পানীটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে আমি তথ্য লাভ কৰিছো যে পি এছ এৰ দ্বাৰা পৰিচালিত আমেৰিকান ঈগল ফ্লাইট ৫৩৪২ কনছাছৰ পৰা ৱাশ্বিংটন ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰলৈ আহি আছিল । বিমানখনৰ দুৰ্ঘটনা হৈছে ।

আমেৰিকাৰ চিনেটৰ টেড ক্ৰুজে কয় যে এই ঘটনাত মৃত্যু হৈছে যদিও বিমানখনত কিমানজন লোক আছিল সেয়া আমি এতিয়াও জানিব পৰা নাই । ইফালে বিমানবন্দৰত বিমান সেৱা বন্ধ কৰি দিয়া হৈছে ।

আৰক্ষীয়ে জনোৱা মতে, বিমানখনৰ সৈতে সংঘৰ্ষ হোৱা হেলিকপ্টাৰখন মহানগৰ আৰক্ষী বিভাগৰ নাছিল । ৱাশ্বিংটন ডি চিৰ চিনেটৰ জেৰী মৰানে কয় যে কনছাছৰ পৰা অহা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ আহিছে ।