নৃশংস ; তিনি পুত্ৰ‌ই মিলি হত্যা কৰিলে পিতৃক

চতিয়াত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। তিনি পুত্ৰ‌ই হত্যা কৰিলে পিতৃক।চতিয়াৰ কটৰাআটি গাওঁত সংঘটিত হৈছে এই হত্যাকাণ্ডটো। জানিব পৰা মতে আয়োজুৰ ৰহমান নামৰ এজন ব্যক্তিক তেওঁৰ তিনিজন পুত্ৰ দিলদাৰ হুচেইন,চাবিল হুছেইন আৰু হাবিল হুছেইনে আন কেইবাজনো আত্মীয়ৰ সহযোগত অতি বেয়াকৈ মাৰপিত কৰি অৰ্ধ মৃত অৱস্থাত

চতিয়াত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। তিনি পুত্ৰ‌ই হত্যা কৰিলে পিতৃক।চতিয়াৰ কটৰাআটি গাওঁত সংঘটিত হৈছে এই হত্যাকাণ্ডটো।

জানিব পৰা মতে আয়োজুৰ ৰহমান নামৰ এজন ব্যক্তিক তেওঁৰ তিনিজন পুত্ৰ দিলদাৰ হুচেইন,চাবিল হুছেইন আৰু হাবিল হুছেইনে আন কেইবাজনো আত্মীয়ৰ সহযোগত অতি বেয়াকৈ মাৰপিত কৰি অৰ্ধ মৃত অৱস্থাত বষ্টাত ভৰাই পথৰ কাষত পেলায় দিয়ে।

ঘটনাটো প্ৰত্যক্ষ কৰি মৃত আজিজুৰ ৰহমানৰ ভাতৃয়ে হৈ চৈ কৰাত ওচৰ চুবুৰীয়া লোক ওলাই আহে আৰু অৰ্ধ মৃত অৱস্থাত আজিজুৰ ৰহমানক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটালত ভৰ্তি কৰোৱাই যদিও মৃত্যুক আকোঁৱালি লয়।

ইতিমধ্যে মৃত আজিজুৰ ৰহমানৰ ভাতৃয়ে ঘটনা সম্পৰ্কে চতিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। চতিয়া আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও আটাইকেইজন অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে।

শেহতীয়া প্ৰৱন্ধসমূহ