শনিবাৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান- পদ্ম বঁটা ২০২৫ৰ নাম ঘোষণা কৰে । শাৰদা সিনহা, ওছামু চুজুকীকে ধৰি ৭ গৰাকী ব্যক্তিক পদ্ম বিভূষণেৰে সন্মানিত কৰা হৈছে । আনহাতে পংকজ উধাছ আৰু সুশীল মোদী আৰু অসমৰ যতীন গোস্বামীকে ধৰি ১৯ গৰাকী ব্যক্তিক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছে । তদুপৰি এইবাৰ ১১৩ গৰাকী ব্যক্তিক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ’ব, যিসকলৰ নাম ইতিমধ্যে ঘোষণা কৰা হৈছে ।
দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা তিনিটা শাখাত প্ৰদান কৰা হয়– পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী । কলা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান, অভিযান্ত্ৰিক, ব্যৱসায়, উদ্যোগ, চিকিৎসা, সাহিত্য, শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উৎকৃষ্টতাৰ স্বীকৃতি প্ৰদান কৰা হয় ।
এই ৭ গৰাকীলৈ পদ্ম বিভূষণ-
-দুব্ভুৰ নাগেশ্বৰা ৰেড্ডী (চিকিৎসা)
-ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) জগদীশ সিং খেহৰ (ৰাজহুৱা পৰিক্ৰমা)
-কুমুদিনী ৰজনীকান্ত লখিয়া (কলা)
-লক্ষ্মীনাৰায়ণ সুব্ৰমণিয়াম (কলা)
-এম টি বাসুদেৱন নায়াৰ (সাহিত্য আৰু শিক্ষা, মৰণোত্তৰ)
-অছামু চুজুকি (ব্যৱসায় আৰু উদ্যোগ, মৰণোত্তৰ)
-শাৰদা সিনহা (কলা, মৰণোত্তৰ)
এই ১৯ গৰাকীলৈ পদ্ম ভূষণ সন্মান-
-এ সূৰ্য্য প্ৰকাশ (সাহিত্য আৰু শিক্ষা-সাংবাদিকতা)
-অনন্ত নাগ (কলা)
-বিবেক ডেব্ৰয় (মৰণোত্তৰ) সাহিত্য আৰু শিক্ষা
-যতীন গোস্বামী (কলা)
-জোচে চাকো পেৰিয়াপ্পুৰম (চিকিৎসা)
-কৈলাশ নাথ দীক্ষিত (অন্য-পুৰাতত্ত্ব)
-মনোহৰ যোশী (মৰণোত্তৰ) জনসংযোগ
-নল্লী কুপ্পুস্বামী চেট্টী (বাণিজ্য আৰু কলা)
-নন্দমুৰি বালকৃষ্ণ (কলা)
-পি আৰ শ্ৰীজেশ (ক্ৰিড়া)
-পংকজ পেটেল (বাণিজ্য আৰু উদ্যোগ)
-পংকজ উধাছ (মৰণোত্তৰ) কলা
-ৰাম বাহাদুৰ ৰায় (সাহিত্য আৰু শিক্ষা-সাংবাদিকতা)
-সাধ্বী ঋতম্ভৰা (সমাজ সেৱা)
-এছ অজিত কুমাৰ (কলা)
-শেখৰ কাপুৰ (কলা)
-সুশীল কুমাৰ মোডী (মৰণোত্তৰ) জনসংযোগ
-বিনোদ ধাম (বিজ্ঞান আৰু অভিযান্ত্ৰিক)
‘পদ্ম বিভূষণ’ ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে দিয়া হৈছে । উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে ‘পদ্ম ভূষণ’ আৰু যিকোনো ক্ষেত্ৰতে বিশিষ্ট সেৱাৰ বাবে ‘পদ্মশ্ৰী’ দিয়া হয় । প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে এই বঁটা ঘোষণা কৰা হয় । প্ৰতি বছৰে মাৰ্চ/এপ্ৰিলৰ আশে-পাশে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত আনুষ্ঠানিক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে ।








