চলিত বছৰৰ ফেব্ৰুৱাৰীত ফ্ৰান্স ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ১০-১১ ফেব্ৰুৱাৰীত ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া এ আই একচন কনফাৰেন্সত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । শুকুৰবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এই তথ্য প্ৰদান কৰে । শুকুৰবাৰে ৩০ সংখ্যক ৰাষ্ট্ৰদূত সন্মিলনৰ সময়ত দিয়া ভাষণত মেক্ৰনে কয় যে ‘ফ্ৰান্সে ১০-১১ ফেব্ৰুৱাৰীত এ আই একচন ছামিট আয়োজন কৰিব । এই সন্মিলনত এ আইৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় আলোচনা হ’ব । ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব । এইটো এটা গুৰুত্বপূৰ্ণ ভ্ৰমণ হ’ব কাৰণ আমি এই বিষয়ে সকলো এ আই শক্তিৰে আলোচনা কৰিব বিচাৰো ।‘
এ আই সন্মিলনৰ সময়ত এই বিষয়সমূহৰ ওপৰত দিয়া হ’ব গুৰুত্ব-
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিশ্বব্যাপী আলোচনাত এ আইৰ বিষয়ে কোৱাটো অতি গুৰুত্বপূৰ্ণ । তেওঁ কয় যে ‘আমেৰিকা, চীন, ভাৰতৰ লগতে আৰব দেশসমূহেও এ আই সন্মিলনত অংশগ্ৰহণ কৰিব আৰু এই দেশসমূহৰ এ আই প্ৰযুক্তিৰ বিকাশ আৰু নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা আছে ।’ মেক্ৰনে কয় যে এই সন্মিলনত উদ্ভাৱন, প্ৰতিভাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব আৰু ইয়াৰ জৰিয়তে ফ্ৰান্স আৰু ইউৰোপক বিশ্বৰ এ আইৰ কেন্দ্ৰবিন্দুত স্থান দিয়া হ’ব । ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত ইমানুৱেল মেক্ৰনে ভাৰতক এ আই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ কথা কৈছিল আৰু ভাৰত এখন গুৰুত্বপূৰ্ণ দেশ বুলি কৈছিল ।
ভাৰতক অতি গুৰুত্বপূৰ্ণ দেশ বুলি আখ্যা দিয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে-
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতকে ধৰি প্ৰায় ৯০খন দেশক এ আই একচন কনফাৰেন্সত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । এই সন্মিলনত এ আইৰ জৰিয়তে ভুল তথ্য প্ৰচাৰ আৰু এ আইৰ অপব্যৱহাৰৰ বিষয়টোও আলোচনা কৰা হ’ব । ভাৰতক প্ৰশংসা কৰি মেক্ৰনে কয় যে ভাৰত এখন অতি গুৰুত্বপূৰ্ণ দেশ আৰু বিশেষকৈ মানুহৰ জীৱনত প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত ইয়াৰ অপৰিসীম সম্ভাৱনা আছে । পেৰিছৰ গ্ৰেণ্ড পেলেছত অনুষ্ঠিত হ’ব এই এ আই কনফাৰেন্স । ইয়াত ৰাষ্ট্ৰপতি, অসামৰিক প্ৰশাসনৰ শীৰ্ষ বিষয়া, বিভিন্ন কোম্পানীৰ চি ই অ’ আৰু শিক্ষা জগতৰ লোক, বেচৰকাৰী সংস্থা, শিল্পী আৰু নাগৰিক সমাজৰ গোটৰ সদস্যসকল থাকিব ।