ফণিওৱাৰ সময়ত এডাল বা দুডাল চুলি সৰি পৰাটো স্বাভাৱিক, কিন্তু এই সময়ত যদি গোটেই ফণীখন চুলিৰে ভৰি পৰে তেন্তে আপুনি আপোনাৰ চুলিৰ অতিৰিক্ত যত্ন ল’ব লাগিব । ইয়াৰ বাবে আপুনি আপোনাৰ খাদ্য তালিকাত বায়’টিন খাদ্য অন্তৰ্ভুক্ত কৰিব লাগিব । কাৰণ বায়’টিনৰ অভাৱত চুলি সৰা, ফটা আৰু দুৰ্বল হৈ পৰাৰ সমস্যাৰ সৃষ্টি হয় । এনে পৰিস্থিতিত বায়টিনযুক্ত ৩ বিধ খাদ্যৰ বিষয়ে জানক, যিয়ে চুলি সৰা সমস্যা হ্ৰাস কৰিব পাৰে ।
বায়’টিন সমৃদ্ধ ৪ বিধ খাদ্য –
কণী খাওক-
কণীৰ বগা অংশত প্ৰটিন আৰু হালধীয়া অংশত বায়’টিন আৰু ভিটামিন বি ৭ থাকে । ইয়াক আপুনি বইল বা অমলেট বনাই খাব পাৰে ।
পালেং শাকো সৰ্বোত্তম-
বায়’টিনৰ বাবে পালেঙো উত্তম । ইয়াৰ উপৰিও ইয়াত আইৰণ, ভিটামিন এ আৰু চি থাকে, যিবোৰ চুলিৰ স্বাস্থ্যৰ বাবে উপকাৰী । ই চুলিত ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু চুলিক সুস্থ কৰি ৰাখে । ইয়াৰ আপুনি ভাজি বা চূপ খাব পাৰে ।
গাজৰো খাওক-
গাজৰত ভিটামিন এ আৰু বায়’টিন থাকে, যিয়ে চুলিৰ বৃদ্ধিত সহায় কৰে আৰু চুলিক সুস্থ কৰি ৰখাত সহায় কৰে । ইয়াৰ উপৰিও চুলি সৰাত বাধা দিয়ে আৰু চুলি ডাঠ কৰে । গাজৰ কেঁচাকৈ খাব পাৰে, চালাড বনাব পাৰে, বা ৰস হিচাপে পান কৰিব পাৰে ।
(এই প্ৰতিবেদনে পৰামৰ্শকে ধৰি কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে । ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয় । অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক ।)