গজালি ওলোৱা বুটৰ এই ৫ টা উপকাৰিতাই আপোনাক সুখী কৰিব আপোনাক, জানিলে দৈনিক খাবলৈ আৰম্ভ কৰিব

গজালি ওলোৱা বুটক পুষ্টিৰ শক্তিক্ষেত্ৰ বা পাৱাৰ হাউচ বুলি কোৱা হয় । বহুতৰে প্ৰিয় এইবিধ খাদ্যই প্ৰদান কৰে অনেক স্বাস্থ্যজনিত লাভালাভ । প্ৰকৃততে, কেঁচা বুটৰ গজালি ওলোৱাৰ পিছত ইয়াৰ পুষ্টিগত মূল্য বৃদ্ধি হয় । যদি আপুনি ইয়াক নিমখ মিহলি কৰি খায়, তেন্তে সোৱাদো বৃদ্ধি হয়

গজালি ওলোৱা বুটক পুষ্টিৰ শক্তিক্ষেত্ৰ বা পাৱাৰ হাউচ বুলি কোৱা হয় । বহুতৰে প্ৰিয় এইবিধ খাদ্যই প্ৰদান কৰে অনেক স্বাস্থ্যজনিত লাভালাভ । প্ৰকৃততে, কেঁচা বুটৰ গজালি ওলোৱাৰ পিছত ইয়াৰ পুষ্টিগত মূল্য বৃদ্ধি হয় । যদি আপুনি ইয়াক নিমখ মিহলি কৰি খায়, তেন্তে সোৱাদো বৃদ্ধি হয় ।

গজালি ওলোৱা বুট খোৱাৰ উপকাৰিতা-

পুষ্টিকৰ পদাৰ্থৰ শোষণ বৃদ্ধি পায়-

অংকুৰিত বুটে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰ জৈৱ উপলব্ধতা বৃদ্ধি কৰে, যাৰ ফলত আপোনাৰ শৰীৰে আইৰণ, কেলচিয়াম আৰু ভিটামিন বি-ৰ দৰে ভিটামিন আৰু খনিজ পদাৰ্থ শোষণ কৰাত সহজ হয় ।

হজম শক্তি উন্নত হয়-

অংকুৰণ প্ৰক্ৰিয়াই ফাইটিক এচিডৰ দৰে মৌল হ্ৰাস কৰে, যিয়ে খনিজ শোষণত বাধাৰ সৃষ্টি কৰিব পাৰে আৰু পাচনতন্ত্ৰৰ সমস্যা বৃদ্ধি কৰিব পাৰে । গতিকে গজালি ওলোৱা বুট খালে আপোনাৰ হজম শক্তি উন্নত হব পাৰে ।

আঁহযুক্ত-

অংকুৰিত বুট খাদ্য আঁহৰ এক উৎকৃষ্ট উৎস, যিয়ে পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে ।

উচ্চ প্ৰ’টিন-

বুট হৈছে উদ্ভিদ-আধাৰিত প্ৰ’টিনৰ এক সমৃদ্ধ উৎস । গজালিবোৰে ইয়াত প্ৰ’টিনৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ ফলত নিৰামিষভোজীসকলৰ বাবে ই এক উৎকৃষ্ট আহাৰত পৰিণত হয় ।

এমিনো এচিড সমৃদ্ধ-

গজালি ওলোৱা বুটত যথেষ্ট পৰিমাণৰ অত্যাৱশ্যকীয় এমিনো এচিড থাকে, যি শৰীৰ শক্তিশালী কৰে আৰু পেশীবোৰ মেৰামতি কৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ