ক’লা টুপী,ক’লা মাস্ক পিন্ধি কাৰাগাৰৰ পৰা ওলাল চুমী বৰা; ৮ মাহৰ অন্তত মুকলি আকাশৰ তললৈ

চুমী বৰা অৱশেষত মুকলি আকাশৰ তললৈ আহিল বিতৰ্কিত চুমী বৰা । ডিব্ৰুগড় কাৰাগাৰৰ পৰা বৃহস্পতিবাৰে নিশা মুকলি আকাশৰ তললৈ আহিল ট্ৰেডিং কুইন চুমী । ভাতৃ বিশাল ফুকন আৰু স্বামী তাৰ্কিক বৰাৰ পিছত জামিন লাভ কৰিলে চুমীয়ে । ট্ৰেডিং কেলেংকাৰী গোচৰত ২০২৪ চনৰ ২২ অক্টোবৰত গ্ৰেপ্তাৰ

চুমী বৰা

অৱশেষত মুকলি আকাশৰ তললৈ আহিল বিতৰ্কিত চুমী বৰা । ডিব্ৰুগড় কাৰাগাৰৰ পৰা বৃহস্পতিবাৰে নিশা মুকলি আকাশৰ তললৈ আহিল ট্ৰেডিং কুইন চুমী ।

ভাতৃ বিশাল ফুকন আৰু স্বামী তাৰ্কিক বৰাৰ পিছত জামিন লাভ কৰিলে চুমীয়ে । ট্ৰেডিং কেলেংকাৰী গোচৰত ২০২৪ চনৰ ২২ অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল বিতৰ্কিত অভিনেত্ৰীগৰাকী ।

তেতিয়াৰে পৰা কিছুদিন গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ আৰু ডিব্ৰুগড় কাৰাগাৰেই ঠিকনা হৈ পৰিছিল চুমীৰ । অৱশেষত চুমীৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

বৰবৰুৱা থানাৰ গোচৰৰ পৰা জামিন লাভ চুমীৰ । বৃহস্পতিবাৰে নিশা মূৰ ক’লা টুপী,ক’লা চশমা, ক’লা টি চাৰ্ট পিন্ধি বন্ধ কুঠৰীৰ পৰা ওলাই এখন বিলাসী বাহনত ঘৰলৈ ৰাওনা হয় ৰীল ৰাণী চুমী ।

লগতে পঢ়ক : আলিয়া ভাটে সঁচাকৈয়ে কপি কৰিছিল নেকি কাঁৰ লুক? দৰ্শকে কৰিলে ট্ৰল

শেহতীয়া প্ৰৱন্ধসমূহ