ৱাশ্বিংটনৰ পৰা লণ্ডনলৈ ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথ কঁপাইছে হাজাৰ হাজাৰ লোক
ৱাশ্বিংটনৰ পৰা লণ্ডনলৈ ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ
ৱাশ্বিংটনৰ পৰা লণ্ডনলৈকে এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে দেখা গৈছে প্ৰতিবাদৰ ঢৌ । ৱাশ্বিংটন আৰু আমেৰিকাৰ আন কেইবাখনো চহৰত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ নীতি আৰু চৰকাৰৰ “স্বৈৰাচাৰী মনোভাৱ”ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে কয় যে ট্ৰাম্পে গণতান্ত্ৰিক মূল্যবোধক ভেঙুচালি কৰিছে । কিন্তু ৰিপাব্লিকান পাৰ্টিয়ে এই প্ৰতিবাদসমূহক “আমেৰিকাক ঘৃণা কৰা” আন্দোলন অৰ্থাৎ আমেৰিকাক ঘৃণা কৰাসকলৰ আন্দোলন বুলি অভিহিত কৰিছে ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই প্ৰতিবাদৰ আয়োজকসকলে কয় যে দিনটোৰ শেষলৈকে সমগ্ৰ আমেৰিকাৰ বৃহৎ চহৰ আৰু সৰু চহৰসমূহত লাখ লাখ লোকে বিক্ষোভত যোগদান কৰিব পাৰিব । আনকি বিদেশৰ কিছু চহৰতো এই প্ৰতিবাদৰ সমৰ্থনত ৰাজপথলৈ প্ৰতিবাদকাৰী ওলাই অহা দেখা যায় ।
“নো কিংছ” নামৰ প্ৰথমটো বৃহৎ বিক্ষোভ জুন মাহত হৈছিল । ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ, অনুপ্ৰৱেশকাৰীৰ ওপৰত অভিযান, আমেৰিকাৰ কেইবাখনো চহৰত ফেডাৰেল বাহিনী নিয়োগ কৰাকে ধৰি শেহতীয়াকৈ ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰা বিতৰ্কিত সিদ্ধান্তৰ বাবে এতিয়া এই আন্দোলনে পুনৰ গতি লাভ কৰিছে ।
লগতে পঢ়ক : তাৎক্ষণিক যুদ্ধবিৰতিৰ সহমতত উপনীত পাকিস্তান-আফগানিস্তান